বিয়া খাই ঘৰলৈ উভতি অহা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হল চুবুৰীয়াৰ চোতালত

কান্দোনৰ ৰোল উঠিছে চামগুৰি পুৰণিগুদাম মুঢ়ানিত। সৰহবৰহী যুৱকৰ মৃতদেহ চোতালত। বিয়া খাই উভতি অহা প্ৰণৱৰ মৃত্যু কেনেকৈ হ’ল? ঘটনাক লৈ এতিয়া ঘনীভূত ৰহস্য। বৃহস্পতিবাৰে সন্ধিয়া বন্ধুৰ সৈতে বিয়া খাবলৈ বুলি ওলাই গৈছিল প্ৰণৱজ্যোতি বৰা নামৰ যুৱকজন। আছিল জন্মদিনৰ এটা অনুষ্ঠানো। অনুষ্ঠান সামৰি এজন বন্ধুক ঘৰত থৈ নিজৰ ঘৰলৈ বুলি বোলেৰো গাড়ীখনত ৰাওনা হৈছিল প্ৰণৱ। পুৱালৈ চুবুৰীয়া এঘৰৰ চোতালত ওলাল প্ৰণৱজ্যোতি বৰাৰ মৃতদেহ। চিঞৰ-বাখৰ লাগিল অঞ্চলটোত। কেনেকৈ ঘটিল এই ঘটনা? পূৰ্বে থোৱাৰ দৰেই প্ৰণৱৰ বলেৰো বাহন থোৱা আছিল ঘৰৰ সন্মুখত> প্ৰণৱৰ মৃতদেহ পৰি আছিল আন এঘৰৰ চোতালত। কেনেকৈ? ঘটনাক লৈ ঘনীভূত ৰহস্য। পৰিয়াল তথা স্থানীয় ৰাইজৰ সন্দেহ, এয়া হত্যাকাণ্ড।

সকলোৰে লগত মিলি-জুলি থকা ল’ৰা আছিল প্ৰণৱজ্যোতি। সকলোকে সহায় কৰিছিল। কাৰো লগত নাছিল হাই-কাজিয়া। তেন্তে কোনে কিয় এই ঘটনা সংঘটিত কৰিলে। কেনেকৈ মৃত্যু হল প্ৰণৱৰ। তাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য সমগ্ৰ অঞ্চলটোত। যুৱ কংগ্ৰেছৰ চামগুৰিৰ উপ-সভাপতি আছিল প্ৰণৱ। কংগ্ৰেছী মহলতো শোকৰ ছাঁ পৰিছে এই ঘটনাত। সকলোৱে আশা কৰিছে ঘটনাৰ এক সঠিক তদন্ত হওক। যদি এয়া হত্যাকাণ্ড তেন্তে দোষীয়ে পাওক কঠোৰ শাস্তি। দাবী তুলিছে সকলোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...