বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ সাংস্কৃতিক সন্ধিয়াত অৰ্ধ উলংগ হৈ গায়কে গালে ‘জিলেলে জিলেলে… ’

কি গাইছে, কি নাচিছে ধৰিবই নোৱাৰি! মূৰত জপৰা চুলি, অৰ্ধ উলংগ হৈ মঞ্চত গায়কে কৰিলে গীত পৰিৱেশন। আচৰিত ভংগীমাৰে নাচি নাচি বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ সাংস্কৃতিক সন্ধিয়াত গালে ‘জিলেলে জিলেলে… ’

এইবাৰ এইখন অসমৰেই মাটিত ৰাভা দিৱস উদযাপনৰ নামত এজন গায়ক আৰু তেওঁৰ বাদ্যযন্ত্ৰীৰ দলে কৰিলে বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শক অপমান। সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত এইবাৰ অপসংস্কৃতিৰ পোহাৰ। দক্ষিণ কামৰূপৰ পলাশবাৰীৰ ১নং জীয়াকুৰত সংঘটিত হৈছে এই ঘটনা। বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ দিনা বিষ্ণু ৰাভা স্বৰ্গম ক্লাৱৰ সৌজন্যত অনুষ্ঠিত হৈছিল সাংস্কৃতিক সন্ধিয়া। সেই সাংস্কৃতিক সন্ধিয়াতেই ক’লা চচমা পিন্ধি গায়কে গালে ‘আয়েমে ডিক্স’ ডেন্সাৰ..’ বাদ্যযন্ত্ৰীয়ে কাপোৰ খুলি বজালে বাদ্যযন্ত্ৰ। টংলাৰ কণ্ঠশিল্পী ফুকন বড়ো আৰু তেওঁৰ বাদ্যযন্ত্ৰীৰ দলে সংঘটিত কৰিলে এই নিকৃষ্ট কাণ্ড। সম্প্ৰতি সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

যিসময়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিক সকলোৱে সন্মান জনাইছে। বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ দিনা কণ কণ শিশুৱেও বিষ্ণুপ্ৰসাদ ৰাভাৰ দ্বাৰা ৰচিত গীত নাইবা কবিতা আবৃত্তি কৰিছে, সেই সময়তে কিন্তু এনে উদণ্ড, অসভ্য এইসকল কণ্ঠশিল্পী(!)ৰ এনে কাণ্ডই ৰাজ্যজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। এইখিনিতে প্ৰশ্ন উত্থাপন হয় শিল্পী সত্তাক সন্মান কৰিব নজনা এনে মানুহক জানো শিল্পী বুলি ক’ব পাৰি? বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিক সন্মান জনাব নজনা এইসকলে বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ দিনটোতেই কৰিলে বিষ্ণুপ্ৰসাদ ৰাভাক অপমান। ইয়াতকৈ লাজৰ কথা অসম আৰু অসমীয়াৰ বাবে কি হ’ব পাৰে! চূড়ান্ত অসভ্যালিৰে মহান মনিষী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক অপমান কৰা এইসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱা হ’বনে? সেয়া এক ডাঙৰ প্ৰশ্ন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...