ধোঁৱাচাঙত উঠিল বিজ্ঞান প্ৰযুক্তিবিদ্যা! ৰাজ্যত পুনৰ সংঘটিত হ’ল ডাইনীকাণ্ড

ধোঁৱাচাঙত উঠিল বিজ্ঞান প্ৰযুক্তিবিদ্যা! ৰাজ্যত পুনৰ সংঘটিত হ’ল ডাইনীকাণ্ড। লাহোৱালৰ ১নং ৰাজগড় শিঙিমাৰি গাঁৱত ভয়ংকৰ ঘটনা। ডাইনী অপযশত ধৰি-বান্ধিবুঢ়ীদিহিঙত উটুৱাই দিলে এগৰাকী মহিলাক। পৰৱৰ্তী সময়ত মহিলাগৰাকীক গাঁও প্ৰধান আৰু এজন নাৱৰীয়াই উদ্ধাৰ কৰি ততাতৈয়াকৈ ভৰ্তি কৰায় AMCHত। অতি সংকটজনক অৱস্থাত চিকিৎসা চলি আছে মহিলাগৰাকীৰ। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘটনা সন্দৰ্ভত ৫জনকৈ লোকক আটক লাহোৱাল আৰক্ষীৰ।

ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। প্ৰশ্ন উত্থাপন হৈছে — কোনখন সমাজত জীয়াই আছো আমি? সঁচাকৈয়ে আমি একবিংশ শতিকাত জীয়াই আছোনে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...