গুৱাহাটীত পুনৰ যুৱতীক হত্যাৰ চেষ্টা

ক্ৰমাৎ যেন অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী। স্মাৰ্ট পুলিচেৰে ভৰি থকা গুৱাহাটীত দৈনিক সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ জঘন্য অপৰাধ। কিছুদিন পূৰ্বৰ লাষ্টগেটৰ নাহৰণি পথত যুৱতীক ছুৰিকাঘাত কৰি হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ সংঘটিত হ’ল অন এক জঘন্য ঘটনা। গুৱাহাটীত পুনৰ যুৱতীক হত্যাৰ চেষ্টা। শুকুৰবাৰে সন্ধিয়াৰ ভাগত ভেটাপাৰাৰ গোল্ডেন পথত সংঘটিত হয় এই ঘটনা। ৰাজপথতে যুৱতীৰ ডিঙি ৰেপি হত্যাৰ চেষ্টা। সংকটজনক অৱস্থাত যুৱতীক GMCHত ভৰ্তি। খোজকাঢ়ি আহি থকা অৱস্থাতে হঠাৎ আক্ৰমণ যুৱতীগৰাকীক । ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে আক্ৰমণকাৰীৰ। ৰাইজে খেদি খেদি কৰায়ত্ব কৰে আক্ৰমণ কৰা লোকজনক। ধৃত লোকজনৰ নাম আজুল হক। স্থানীয় ৰাইজ আৰু আৰক্ষীকো আক্ৰমণৰ চেষ্টা লোকজনৰ। ছুৰিকাঘাত কৰা লোকজনৰ সৈতে একেলগে আছিল যুৱতীগৰাকী। যুৱতীগৰাকীৰ লগত আছিল ২টাকৈ শিশু। প্ৰাপ্ত খবৰ অনুসৰি পূৰ্বৰে পৰা যুৱতীগৰাকীক ব্লেকমেইলিং কৰি আহিছিল ধৃত আজুল হকে। আজুল হকক পূৰ্বতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল জে’ললৈ।

Popular

More like this
Related

যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা ১৪ বছৰলৈ হ্ৰাস পৰেশ বৰুৱাৰ শাস্তি

ছট্টগ্ৰামৰ ১০ ট্ৰাক চোৰাং অস্ত্ৰ সৰবৰাহৰ গোচৰত শাস্তি কমিল...

নিচাসক্ত স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ। পত্নীক ডিঙি চেপি হত্যাৰ অভিযোগ স্বামী পুষ্প গগৈ বিৰুদ্ধে

দুলীয়াজানত পাৰিবাৰিক সংঘাতৰ বিষম পৰিণতি । স্বামীয়ে ডিঙি চেপি...

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক হিচাপে নিৰ্বাচিত দেৱজিৎ শইকীয়াক অসম ক্ৰিকেট সন্থাৰ অভিনন্দন

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক হিচাপে নিৰ্বাচিত হোৱা দেৱজিৎ...

সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিছপুৰস্থিত জনতা ভৱন পৰিসৰৰ...