গুৱাহাটীত পুনৰ যুৱতীক হত্যাৰ চেষ্টা

ক্ৰমাৎ যেন অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী। স্মাৰ্ট পুলিচেৰে ভৰি থকা গুৱাহাটীত দৈনিক সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ জঘন্য অপৰাধ। কিছুদিন পূৰ্বৰ লাষ্টগেটৰ নাহৰণি পথত যুৱতীক ছুৰিকাঘাত কৰি হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ সংঘটিত হ’ল অন এক জঘন্য ঘটনা। গুৱাহাটীত পুনৰ যুৱতীক হত্যাৰ চেষ্টা। শুকুৰবাৰে সন্ধিয়াৰ ভাগত ভেটাপাৰাৰ গোল্ডেন পথত সংঘটিত হয় এই ঘটনা। ৰাজপথতে যুৱতীৰ ডিঙি ৰেপি হত্যাৰ চেষ্টা। সংকটজনক অৱস্থাত যুৱতীক GMCHত ভৰ্তি। খোজকাঢ়ি আহি থকা অৱস্থাতে হঠাৎ আক্ৰমণ যুৱতীগৰাকীক । ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে আক্ৰমণকাৰীৰ। ৰাইজে খেদি খেদি কৰায়ত্ব কৰে আক্ৰমণ কৰা লোকজনক। ধৃত লোকজনৰ নাম আজুল হক। স্থানীয় ৰাইজ আৰু আৰক্ষীকো আক্ৰমণৰ চেষ্টা লোকজনৰ। ছুৰিকাঘাত কৰা লোকজনৰ সৈতে একেলগে আছিল যুৱতীগৰাকী। যুৱতীগৰাকীৰ লগত আছিল ২টাকৈ শিশু। প্ৰাপ্ত খবৰ অনুসৰি পূৰ্বৰে পৰা যুৱতীগৰাকীক ব্লেকমেইলিং কৰি আহিছিল ধৃত আজুল হকে। আজুল হকক পূৰ্বতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল জে’ললৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...