চিলনী চোৰৰ তাণ্ডৱ, দিনৰ পোহৰতে আক্ৰমণ কৰিলে আৰক্ষী জোৱানক

ধুবুৰীত চিলনী চোৰৰ ত্ৰাস। দিন দুপৰতেই এজন আৰক্ষী জোৱানক আক্ৰমণ। ধুবুৰী SP কৰ্যালয়ৰ সন্মুখত হুলস্থূলীয়া পৰিৱেশ। ভুক্তভোগী বিষ্ণু ৰায় নামৰ জোৱানজন বৰ্তমান ৭নং বেটেলিয়নত কৰ্মৰত। জোৱানজনৰ গাত ঔষধজাতীয় সামগ্ৰী ছটিয়াই চোকা অস্ত্ৰৰে আক্ৰমণৰ অভিযোগ। জোৱানজনৰ সোণৰ অলংকাৰ লৈ পলোৱাৰ চেষ্টা কৰোঁতেই ৰাইজৰ কবলত পৰে চোৰটো। ধৃত চিলনী চোৰটোক ৰাইজে শোধালে উত্তম-মধ্যম। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ চোৰটোক লৈ যায় ধুবুৰী সদৰ থানালৈ। ধৃত চিলনী চোৰটো বিহাৰৰ কিষাণগঞ্জৰ মণ্টি যাদৱ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...