মোবাইলত গেম খেলিবলৈ নোপোৱাৰ বাবেই চৰম সিদ্ধান্ত সপ্তম শ্ৰেণীৰ ছাত্ৰৰ!

মোবাইল আসক্তিৰ ভয়ংকৰ পৰিণতি। মোবাইলত গেম খেলিবলৈ নোপোৱাৰ বাবেই চৰম সিদ্ধান্ত ল’লে সপ্তম শ্ৰেণীৰ ছাত্ৰই! শোকাৱহ ঘটনাই জোকাৰি গ’ল ৰাজ্য।

চতিয়াৰ কৰৈয়নীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ম’বাইলত গেম খেলিব নোৱাৰি আত্মহত্যা কৰিলে ছাত্ৰই! জানিব পৰা মতে, ছাত্ৰজনৰ মোবাইলৰ ৰিচাৰ্জ শেষ হোৱাত হাজিৰা কৰা পিতৃ-মাতৃয়ে কৰি দিব পৰা নাছিল ৰিচাৰ্জ। যাৰ পৰিপ্ৰেক্ষিততেই চৰম সিদ্ধান্ত বাচি লয় ছাত্ৰজনে! সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ আত্মহননক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। তিনিদিন ধৰি তেওঁলোকৰ মবাইলত নাছিল ৰিচাৰ্জ। যাৰ বাবে ছাত্ৰজনে পিতৃ-মাতৃক ৰিচাৰ্জ কৰিবলৈ বাৰে বাৰে খাতনি ধৰি আছিল। পৰীক্ষাৰ পাছতে ৰিচাৰ্জ কৰি দিব বুলি কৈছিল যদিও আকোঁৰগোজ পুত্ৰই শুনা নাছিল কথা। পিতৃ-মাতৃ ঘৰত নথকাৰ সময়তে চিপজৰী লৈ আত্মহনন কৰে কিশোৰজনে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চ্যলৰ।।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...