মোবাইলত গেম খেলিবলৈ নোপোৱাৰ বাবেই চৰম সিদ্ধান্ত সপ্তম শ্ৰেণীৰ ছাত্ৰৰ!

মোবাইল আসক্তিৰ ভয়ংকৰ পৰিণতি। মোবাইলত গেম খেলিবলৈ নোপোৱাৰ বাবেই চৰম সিদ্ধান্ত ল’লে সপ্তম শ্ৰেণীৰ ছাত্ৰই! শোকাৱহ ঘটনাই জোকাৰি গ’ল ৰাজ্য।

চতিয়াৰ কৰৈয়নীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ম’বাইলত গেম খেলিব নোৱাৰি আত্মহত্যা কৰিলে ছাত্ৰই! জানিব পৰা মতে, ছাত্ৰজনৰ মোবাইলৰ ৰিচাৰ্জ শেষ হোৱাত হাজিৰা কৰা পিতৃ-মাতৃয়ে কৰি দিব পৰা নাছিল ৰিচাৰ্জ। যাৰ পৰিপ্ৰেক্ষিততেই চৰম সিদ্ধান্ত বাচি লয় ছাত্ৰজনে! সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ আত্মহননক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। তিনিদিন ধৰি তেওঁলোকৰ মবাইলত নাছিল ৰিচাৰ্জ। যাৰ বাবে ছাত্ৰজনে পিতৃ-মাতৃক ৰিচাৰ্জ কৰিবলৈ বাৰে বাৰে খাতনি ধৰি আছিল। পৰীক্ষাৰ পাছতে ৰিচাৰ্জ কৰি দিব বুলি কৈছিল যদিও আকোঁৰগোজ পুত্ৰই শুনা নাছিল কথা। পিতৃ-মাতৃ ঘৰত নথকাৰ সময়তে চিপজৰী লৈ আত্মহনন কৰে কিশোৰজনে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চ্যলৰ।।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...