গুৱাহাটীৰ বৰমটৰীয়াত লোমহৰ্ষক ঘটনা

বিভিন্ন প্ৰতিযোগিতাত বঁটা-বাহনেৰে সন্মানিত এগৰাকী খেলুৱৈ। সেই খেলুৱৈগৰাকীয়ে ঘটাই পেলালে এটা শিহৰণকাৰী ঘটনা। নিশাৰ ভাগত এটা ফেচ ক্ৰীম ক্ৰয় কৰাক লৈ প্ৰথমে মাতৃৰ লগত তৰ্কাতৰ্কি হৈছিল যুৱতীগৰাকীৰ। তাৰ পাছতে টেনিছ খেলা ৰেকেটেৰ যুৱতীগৰাকীক মাৰি দিছিল মাতৃয়ে। আৰু তেনেকৈয়ে আৰম্ভ হৈছিল হতাহতি। এটা সময় উত্তেজিত হৈ পটাগুটিৰে যুৱতীগৰাকীয়ে মাৰি দিছিল মাকক। মাতৃৰ মৃত্যুৰ পাছত হত্যাকাৰী যুৱতী এতিয়া আৰক্ষীৰ জালত।

এটা ফে’চ ক্ৰীমক লৈ হৈছিল কাজিয়াৰ সূত্ৰপাত
প্ৰথমে টেনিছ ৰেকেটেৰে মাতৃক আক্ৰমণ
জীয়ৰীয়ে পটাগুটিৰে মৰিয়াই হত্যা কৰিলে মাতৃক
গুৱাহাটীৰ বৰমটৰীয়াত লোমহৰ্ষক ঘটনা

যুৱতীগৰাকী ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈ। বিভিন্ন প্ৰতিযোগিতাত বঁটা-বাহনেৰে সন্মানিত খেলুৱৈগৰাকীয়ে ঘটাই পেলালে এটা শিহৰণকাৰী ঘটনা। নিশাৰ ভাগত এটা ফেচ ক্ৰীম ক্ৰয় কৰাক লৈ প্ৰথমে মাতৃৰ লগত তৰ্কাতৰ্কি হৈছিল যুৱতীগৰাকীৰ। তাৰ পাছতে টেনিছ খেলা ৰেকেটেৰ যুৱতীগৰাকীক মাৰি দিছিল মাতৃয়ে। আৰু তেনেকৈয়ে আৰম্ভ হৈছিল হতাহতি।
প্ৰত্যাক্ৰমণ কৰিছিল যুৱতীগৰাকীয়ে
এটা সময় উত্তেজিত হৈ পটাগুটিৰে মাৰি দিছিল মাকক
মৰিয়াই হত্যা কৰিছিল মাতৃক

হত্যাকাৰী যুৱতীৰ স্বীকাৰোক্তি আৰক্ষীৰ সন্মুখত
হুলস্থুল শুনি এটা সময়ত ঘৰৰ পিনে আগবাঢ়ি গৈছিল চুবুৰীয়া। বাৰেবাৰে দুৱাৰত টোকৰিয়াই মাতি দিছিল চুবুৰীয়া মহিলাই। বহুসময়লৈ ঘৰৰ ভিতৰৰ পৰা ওলাই অহা নাছিল যুৱতীগৰাকী। যেতিয়া ওলাই আহিছিল
যুৱতীগৰাকীৰ হাতত তেজ
তেজৰ টোপাল পৰি গৈছিল ছিৰিত

ঘটনাৰ খবৰ পায়েই উপস্থিত হৈছিলগৈ আৰক্ষী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যুৱতীগৰাকীক। যুৱতীগৰাকীয়ে মানসিক স্থিতিক লৈও সন্দেহ ঘনীভূত হৈছে আৰক্ষীৰ। সেই দিশতো আৰম্ভ কৰিছে তদন্ত। এই ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰী। আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। তাৰ পাছতহে পোহৰলৈ আহিব আঁৰত কি আছিল। কাৰণ যুৱতীগৰাকীয়ে পিতৃৰ বিৰুদ্ধেও উত্থাপন কৰিছে গুৰুতৰ অভিযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...