ভাৰতৰ বিৰুদ্ধে এইবাৰ বাংলাদেশৰ জলসন্ত্ৰাসবাদ

0 119

✒️অচিন্ত্য শৰ্মা

অথলে গ’ল নেকি মোদীৰ তৈলমৰ্দন
পুনৰবাৰ ভাৰতবিৰোধী স্থিতিত শ্বেখ হাচিনা
চীনক লগত লৈ নতুন ষড়যন্ত্ৰ
এইবাৰ তিস্তা নদীকেন্দ্ৰিক জলসন্ত্ৰাসবাদ

ভাৰত আৰু বাংলাদেশৰ মাজৰ অদৰ্কাৰী তথা অবাস্তব বন্ধুত্বৰ মৰিচিকা খেদি খেদি নৰেন্দ্ৰ মোদীয়ে দীৰ্ঘদিন ধৰি শ্বেখ হাছিনাক তৈলমৰ্দন কৰি থাকিলেও, সেই তৈলমৰ্দন যে অথলে গৈছে, তাৰ বহু প্ৰমাণ ইতিমধ্যে বহুবাৰ পোৱা গৈছে। আনকি হাছিনাক সন্তুষ্ট কৰাৰ স্বাৰ্থতেই মোদীয়ে ভাৰতৰ ১০ হাজাৰ ৬শ একৰ মাটি বাংলাদেশক এৰি দিয়াৰ পিছতো হাছিনা তথা তেওঁৰ দেশৰ আচৰণ ভাৰতৰ বাব ফ্ৰেংকেনষ্টাইন সদৃশ হৈয়েই আছে। এইবাৰ হাছিনাই ভাৰতৰ বিৰুদ্ধে আৰম্ভ কৰিছে তিস্তা নদীকেন্দ্ৰীক জলসন্ত্ৰাসবাদ। সংগী, ভাৰতৰ চিৰশত্ৰু পাকিস্তান-বাংলাদেশৰ পৰমমিত্ৰ,সম্প্ৰসাৰণবাদী দুৰ্বৃত্ত ৰাষ্ট্ৰ, কমিউনিষ্ট ৰঙাচীন। উল্লেখ্য যে, তিস্তা এখন হিমালয়ৰ নদী। ভাৰতৰ চিক্কিম আৰু পশ্চিমবংগৰ মাজেৰে বৈ গৈ এই নদী বাংলাদেশত সোমাইছে। ভাৰতীয় মানুহৰ হিতৰ বাবে ছিক্কিম আৰু পশ্চিমবংগৰ অন্তৰ্গত একধিক স্থানত বিভিন্ন জলসিঞ্চন আৰু জলবিদ্যুৎ প্ৰকল্প কাৰ্যৰূপায়িত কৰা হৈছে তিস্তা নদীৰ ওপৰত। শ্বেখ হাছিনাৰ দাবী ভাৰতৰ মানুহক বঞ্চিত কৰি তিস্তা নদীৰ অতিৰিক্ত পানী বাংলাদেশৰ বাবে। ইতিমধ্যে হাছিনাই এই দাবীৰ ওচৰত নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণৰূপে সেও মানিছে। বাংলাদেশক নিজ দেশৰ মাটি এৰি দিয়া মোদী সন্মত তথা সাজু হৈছে নিজ দেশৰ নদীৰ পানী, জলসম্পদ বাংলাদেশক এৰি দিবলৈকো। আনকি অসমবাসীক বঞ্চিত কৰি অসমৰ কুশিয়াৰা নদীৰ অতিৰিক্ত পানী বাংলাদেশক দি দিয়াৰ সিদ্ধান্তও হৈ গৈছে। পিচে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কঠোৰ স্থিতিৰ বাবে ভাৰতৰ মানুহক বঞ্চিত কৰি তিস্তা নদীৰ পানী বাংলাদেশক দিয়া সম্পৰ্কীয় কোনো সিদ্ধান্ত এই পৰ্যন্ত লোৱাটো সম্ভৱ হোৱা নাই মোদীৰ বাবে। এনে অৱস্থাত ভাৰতৰ বিৰুদ্ধে প্ৰতিশোধত্মক প্ৰতিব্যৱস্থা ল’বলৈ সাজু হৈছে বাংলাদেশ চীনৰ অৰ্থ আৰু প্ৰযুক্তিৰ সহায়ত হাছিনা চৰকাৰে গ্ৰহণ কৰিছে বিশাল সমণ্বিত তিস্তা বিকাশ প্ৰকল্প। প্ৰকল্প ৰূপায়নৰ দায়িত্ব দিয়া হৈছে চীনা প্ৰতিষ্ঠান চাইনা পাৱাৰক। প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ বাবে চাৰে আঠ হাজাৰ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছে আৰু এই ধনৰাখি বাংলাদেশে চীনৰ পৰা বিচাৰিছে ঋণ হিচাপে। তদুপৰি ভাৰতৰ কেইবাখনো শত্ৰু দেশেও উৎসাহ দেখুৱাইছে প্ৰকল্পটো বিনিয়োগ কৰাৰ বাবে। আগাবঢ়ি আহিছে ব্যক্তিগত বিনিয়োগকাৰীও। ভাৰতৰ ক্ষতিসাধন কৰিবলৈ সুযোগ ওলোৱাৰ লগে লগে উতৎসাহিত হৈ উঠিছে এক বৃহৎ বৃহৎ চক্ৰ। পিচে ভাৰতৰ বাবে কিয় ক্ষতিকাৰক বাংলাদেশৰ তিস্তা প্ৰকল্প।

পৰিকল্পিত প্ৰকল্পটোৰ অধীনত তিস্তা প্ৰকল্পটোৰ অধীনত তিস্তা নদীৰ বান আৰু গৰাখহনীয়া ৰোধৰ বাবে বিভিন্ন অঞ্চলৰ সুদীৰ্ঘ বান্ধ, মথাউৰি আৰু পথ নিৰ্মাণ কৰা হ’ব। নদীৰ পাৰে বাৰে গঢ়ি তোলা হৈছে সৌৰশক্তি কেন্দ্ৰ, আবাসিক অঞ্চল, বাণিজ্যিক কেন্দ্ৰ. উদ্যোগ, স্মাৰ্ট যোগাযোগ তথা পৰিবহন ব্যৱস্থা ইত্যাদি। আৰু ইয়াৰ বাবে ভূমি উদ্ধাৰৰ বাবে ভয়ংকৰ। দৰাচলতে এই শেহতীয়া সিদ্ধান্তটোৱে হৈ উঠিছে ভাৰতৰ বাবে ভয়ংকৰ। কাৰণ আঠৰ পৰা ১২ কিলো মিটাৰ কৰি পেলোৱাৰ লগে লগে নদীখনৰ উজনি অংশত পানীৰ ভীষণ হেঁচা পৰিব। হিমালয়ৰ পৰা নামি অহা তিস্তাৰ পানীয়ে স্বাভাবিক গতিৰে বাংলাদেশৰ মাজেৰে ওলাই যাব নোবাৰি নিশ্চিত ভাবে প্ৰবল বান আৰু গৰাখহনীয়াৰ সৃষ্টি কৰিব পশ্চিম বংগত। হয়তো একধৰণৰ পাৰিবেশিক অসন্তুলনৰ সৃষ্টি হ’ব সমগ্ৰ দক্ষিণ এছীয়াৰ বাবেই। সেয়ে বাংলাদেশৰ তিস্তা প্ৰকল্পই বিভি্ৃন্ন মহলত উদ্বিগ্নতাইৰ সৃষ্টি কৰিছে। হয়তো উদ্বিগ্নতাৰ সৃষ্টি কৰা নাই কেবল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনত। সেয়ে বিষয়টোক লৈ নতুন দিল্লীত এই পৰ্যন্ত নাই কোনো আনুষ্ঠানিক প্ৰক্ৰিয়া।

Leave A Reply

Your email address will not be published.