ভাৰতীয় নাগৰিকক শীঘ্ৰেই ইউক্ৰেইন ত্যাগৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

0 138

ইউক্ৰেইনত পুনৰ যু্দ্ধৰ বিভীষিকা। পৰস্পৰৰ বিৰুদ্ধে পুনৰ টঙালি বান্ধিছে ৰাছিয়ান আৰু ইউক্ৰেইন সেনাই। যোৱা এপষেক ধৰি ইউক্ৰেইনৰ ৰাজধানী কীভসহ কেইবাখনো চহৰত ক্ষেপণাস্ত্ৰ আৰু আত্মঘাতী দ্ৰোণেৰে আক্ৰমণ অব্যাহত ৰাখিছে ৰাছিয়ান বাহিনীয়ে।

যিকোনো মুহূৰ্ততে যুদ্ধই ভয়াৱহ ৰূপ লোৱাৰ আশংকা কৰি ভাৰতীয় নাগৰিকসকলক শীঘ্ৰেই ইউক্ৰেইন ত্যাগৰ নিৰ্দেশ দিছে কীভস্থিত ভাৰতীয় দূতাবাসে।

Leave A Reply

Your email address will not be published.