৪২ বছৰ বয়সতে জীৱন সামৰিলে ‘কাটা লাগা’ গাৰ্লে

আকস্মিকভাৱেই চৰ্চালৈ আহিছিল। নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল। আকস্মিকভাৱেই চিৰবিদায়। ৪২ বছৰ বয়সতে জীৱন সামৰিলে ‘কাটা লাগা’ গাৰ্লে। মোহময়ী অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ অকাল মৃত্যুত শোকস্তব্ধ বলীউড।

আকস্মিকতাই লগ নেৰিলে শ্বেফালী জাৰিৱালাৰ। ২০০২ চনত ‘কাটা লাগা’ গীতটো ৰিমিক্স কৰি নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল শ্বেফালী। ১৯৭২ চনৰ লতা মংগেশকাৰৰ ‘কাটা লাগা’ গীতটোক নৃত্যৰে নতুন ৰূপত জনপ্ৰিয় কৰি তুলিছিল শ্বেফালীয়ে। বুকুৰ টেটুৰ পৰা যৌনগন্ধী ভংগীলৈ যিমান বিতৰ্ক হৈছিল নতুনত্বৰ বাবে সিমান জনপ্ৰিয় হৈছিল শ্বেফালীৰ কাটা লাগা।

কিন্তু শনিবাৰে পুৱাই আহিল বেয়া খবৰটো। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু শ্বেফালীৰ। মাত্ৰ ৪২বছৰ বয়সতে মৃত্যুক সাৱতিলে ’কাঁটা লাগা’ গাৰ্ল হিচাপেই চিনাকী দি ভাল পোৱা শ্বেফালী জাৰিৱালাই। হৃদৰোগত আক্ৰান্ত হৈ শ্বেফালীৰ মুম্বাইৰ এখন হাস্পাতালত মৃত্যু হয়। অভিনেত্ৰীগৰাকীৰ মৃত্যুত বলীউডত পৰিছে শোকৰ ছাঁ। মৃত্যুৰ পূৰ্বলৈ শ্বেফালীয়ে কৈছিল যে, কাৰ্টা লাগা গাৰ্ল বুলিয়ে যেন তেওঁক সকলোৰে মনত আছে। আইটেম চং বহুতে কৰে, কিন্তু এই গানটোৱে সকলোৰে মনত ঠাই লৈছিল। অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে ঘৰত মূৰ্ছা যায় মাতৃ। শোকত ভাগি পৰে স্বামী পৰাগ ত্যাগী।

শুকুৰবাৰে মাজনিশা মুম্বাইৰ নিজা ফ্লেটতে হৃদৰোগত আক্ৰান্ত হয় শ্বেফালী। তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় শ্বেফালীক। কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে। অন্ত পৰে এক প্ৰতিভাবান শিল্পী অভিনেত্ৰীৰ জীৱন। শনিবাৰে শেষকৃত্য সম্পন্ন হয় শ্বেফালীৰ। সমালোচনা-জনপ্ৰিয়তা আৰু তাৰ মাজতেই হঠাৎ এদিন আত্মগোপন কৰিছিল শ্বেফালীয়ে। তাৰপিছত জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘BIGG BOSS-13’ৰ প্ৰতিযোগী হৈছিল শ্বেফালী।

বিগ বছত অংশগ্ৰহণৰ পাছতে পুনৰ লাইমলাইটলৈ আহিছিল শ্বেফালী। সেইবাৰ প্ৰতিযোগী আছিল সিদ্ধাৰ্থ শুক্লা। সিদ্ধাৰ্থ চুড়ান্ত বিজয়ী হৈছিল। কিন্তু অতি দুখৰ কথা যে ৪২ বছৰ বয়সত হৃদৰোগত আক্ৰন্ত হৈ মৃত্যু হয় সিদ্ধাৰ্থৰ। আচৰিত ধৰণেৰে মিলি গ’ল শ্বেফালী আৰু সিদ্ধাৰ্থৰ মৃত্যুৰ কাৰণ। নৃত্যৰ লগতে অভিনয়ো কৰিছিল শ্বেফালীয়ে। ২০০৪ চনত ‘মুঝছে ছাদি কৰোগে’ ছবিখনৰ এটা কেমিঅ’ ৰ’লত অভিনয় কৰিছিল মোহময়ী শ্বেফালীয়ে। ২০০২ চনত বিবাহপাশত আৱদ্ধ হৈছিল শ্বেফালী জাৰিৱালা। কিন্তু সেই বান্ধোন বৰ সুখৰ নহ’ল। ২০০৯ চনত স্বামীৰ বিৰুদ্ধে শ্বেফালীয়ে উত্থাপন কৰিছিল মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ। তাৰ পাছত বিচ্ছেদ ঘটিছিল দুয়োৰে মাজত। বিবাহ বিচ্ছেদৰ কিছু বছৰৰ পাছত সহযোগী পৰাগ ত্যাগীৰ সৈতে টিম আপ কৰি ‘নাচ বালিয়ে’ৰ পঞ্চম ছিজনত অংশগ্ৰহণ কৰিছিল শ্বেফালীয়ে। পৰাগ ত্যাগীৰ সৈতেই ২০১৪ চনত আৰম্ভ কৰিছিল নতুন সংসাৰ। স্বামী পৰাগৰ সৈতে সুখী জীৱন কটাবলৈ লৈছিল শ্বেফালীয়ে। কিন্তু সুখৰ সংসাৰ, গ্লেমাৰ এৰি শুকুৰবাৰে হঠাত গুছি গ’ল শ্বেফালী। স্বাস্থ্য সচেতন শ্বেফালীয়ে নিয়মীয়াকৈ কৰোৱাছিল স্বাস্থ্যপৰীক্ষা। তাৰপিছতো আহিল শ্বেফালীৰ অকাল মৃত্যৰ খবৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...