কিং খানলৈ জন্মদিনৰ ওলগ

আজি কিং খানৰ জন্ম দিন । ৫৬ বছৰ সম্পূৰ্ণ কৰি ৫৭ বছৰত ভৰি দিলে অভিনেতাজনে । ১৯৬৫ চনৰ ২ নৱেম্বৰত জন্ম । প্ৰায় ৮০ খন ছবিত অভিনয় কৰাৰ লগতে ১৪ টা ফিল্ম ফেয়াৰ বঁটা ওপৰিও আন কেইবাটিও বঁটা লাভ কৰে । বলিউদৰ বাদশ্বাহ ৰূপেও নাম আছে শ্বাহৰুখ খানৰ। ভাৰত চৰকাৰে ২০০৫ চনত পদ্মশ্ৰী প্ৰদান কৰাৰ লগতে ২০০৭ চনত Ordre des Arts et des Lettres আৰু ২০১৪ চনত Legion of Honour প্রদান কৰিছে ফ্ৰান্স চৰকাৰে । ১৯৮৮ চনৰ পৰা অভিনয় জগতত প্ৰৱেশ কৰে যদিও ১৯৯২ চনত প্ৰথম ‘ দিৱানা ‘ ছবিৰে বলিউডত নায়ক হিচাপে ভুমুকি মাৰে । ১৯৯৩ চনত বাজিগড় আৰু দৰ ছবিত অভিনয় । ১৯৯৪ চনত অঞ্জাম, ১৯৯৫ চনত মুক্তি লাভ কৰে আজিও জনপ্ৰিয় ছবি দিলৱালে দোলহনিয়া লে জায়েঙে, ১৯৯৭ চনত দিল তো পাগল হেই , ১৯৯৮ চনত কুছ কুছ হোতা হেই , ২০০০ চনত মোহবতইন, ২০০১ চনত কভি খুচি কভি গম,২০০২ চনত দেৱদাস, ২০০৪ চনত স্বদেশ, ২০০৭ চনত চক দে ইণ্ডিয়া,২০১০ চনত মাই নেম ইছ খান, ২০১৩ চনত চেন্নাই এক্সপ্ৰেছ, ২০১৪ চনত হেপী নিউ ইয়েৰ, ২০১৫ চনত দিলৱলে, ২০১৭ চনত ৰাইচ্ আৰু ২০২৩ চনত মুক্তি অপেক্ষাত আছে পাঠান ছবিখন ।

অভিনয় তথা ছবি নিৰ্মাণ কৰাৰ লগতে টেলিভিছনৰ এগৰাকী ভাল ব্যক্তিত্ব থকা অভিনেতা । তাৰোপৰি ব্যৱসায়ত ব্যস্ত থাকে কিং খান । IPL ৰ সৈতেও জৰিত অভিনেতাজন ।

উদুলি মুদুলি আজি কিং খানৰ জন্নত আৰু মন্নত বাসগৃহত । শুভ কামনা অভিনেতাজনলৈ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...