আৱৰ্জনামুক্ত হ’ব নলা-জলাশয়; এইবাৰ ‘মিছন বানমুক্ত গুৱাহাটী’

‘মিছন বানমুক্ত গুৱাহাটী’ ক্ষীপ্ৰ আৰু সফল ৰূপায়ণৰ লক্ষ্য লৈছে গৃহ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্রী অশোক সিংহলে। মহানগৰখনৰ বিভিন্ন ঠাইত উচ্ছেদ, নলা-নৰ্দমাসমূহৰ পৰিস্কাৰকৰণ, খনন আদি চলি থকাৰ সময়তে মন্ত্রীগৰাকীয়ে তৃণমূল পৰ্যায়ৰ পৰা ৰূপায়নলৈকে বিভিন্ন কাম-কাজৰ সুক্ষ্ম পৰ্যালোচনা কৰিবলৈ শুকুৰবাৰে আয়ুক্ত সচিব কবিতা পদ্মনাভন, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ উপস্থিতিত গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকা, গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত নিধি দাহাল, চক্ৰ বিষয়াসকল, তথা লোক নিৰ্মাণ, জল সিঞ্চন, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ, অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ নিগম আদিৰ সংশ্লিষ্ট বিষয়া-বৰ্গৰ লগত এক বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। বাৰিষাৰ পূর্বে ‘মিছন বানমুক্ত গুৱাহাটী’ৰ যাতে ফলপ্রসূ ৰূপায়ন কৰিব পৰা যায়, তাৰবাবে মন্ত্রীগৰাকীয়ে সভাত বিভাগ অনুযায়ী ভৱিষ্যত কাৰ্যপন্থাৰ নীতি-নিৰ্দেশনা দিয়ে। ইতিমধ্যে কাৰ্যসূচী সুচল ৰূপায়ণৰ বাবে লোক নিৰ্মাণ আৰু গুৱাহাটী পৌৰ নিগমক পৃথককৈ পৃথককৈ নলা-নৰ্দমাসমূহৰ পৰিষ্কৰণৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ভৰলু, বাহিনী, লখিমীজান, মৰাভৰলু আৰু বশিষ্ঠ নদীক পুনৰুজ্জ্বীৱিত কৰাৰ লগতে বিভিন্ন স্থানত উচ্ছেদ অভিযান জোৰদাৰ কৰি ‘মিছন বানমুক্ত গুৱাহাটী’ সফল কৰিবলৈ সভাত সংশ্লিষ্ট বিষয়াসকলক মন্ত্রীগৰাকীয়ে নিৰ্দেশ দিয়ে।

ইয়াৰ পাছতে উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত উপস্থিত থকা সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰী সিংহলে কয় যে ‘মিছন বানমুক্ত গুৱাহাটী’ৰ সিদ্ধান্ত অনুসৰি লোক নিৰ্মাণ বিভাগে মহানগৰীৰ ৯৫৪টা পথৰ কাষৰ নলাৰ প্ৰায় ৮৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশ আৱজৰ্নামুক্ত তথা গেদমুক্ত কৰিব। আনহাতে গুৱাহাটী পৌৰ নিগমে ১৪০টা নলাৰ ২৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশৰ লগতে মহানগৰীৰ বুকুৰ পাঁচখন নদী ক্ৰমে ভৰলু, বাহিনী, লখিমীজান, মৰা ভৰলু আৰু বশিষ্ঠ নদীৰ আৱৰ্জনামুক্তকৰণৰ কাম কৰিব। আনহাতে মহানগৰীৰ প্ৰায় ৪২টা স্থানত হোৱা বেদখল উচ্ছেদৰ পৰিকল্পনা কৰা হৈছে বুলি সদৰী কৰি তেওঁ কয় অবৈধ বেদখলেৰে নলা বা নদীসমূহ সংকুচিত কৰি পেলোৱা এনে স্থানসমূহ অতি সোনকালে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বেদখলমুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...