সাধাৰণ যাত্ৰীৰ ৰূপত চিটিবাছত ভ্ৰমণ মন্ত্ৰী অশোক সিংহলৰ

পল্টন বজাৰস্থিত পৌৰ নিগমৰ দৈনিক বজাৰো পৰিদৰ্শন মন্ত্ৰী সিংহলৰ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি এগৰাকী সাধাৰণ যাত্ৰী হিচাপে চিটিবাছেৰে ভ্ৰমণ কৰি গুৱাহাটী মহানগৰীৰ যান-বাহন ব্যৱস্থাপনা সমস্যাৰ প্ৰত্যক্ষভাৱে বুজ লয়৷ মন্ত্ৰীগৰাকীয়ে আজি পুৱা ডাউন টাউন বাছ আস্থানৰ পৰা কাছাৰীলৈ চিটিবাছেৰে যাত্ৰা কৰে আৰু পুনৰ আন এখন চিটিবাছেৰে গণেশগুৰিলৈ উভতি আহি বাছ আস্থানসমূহৰ লগতে সৰ্বসাধাৰণ যাত্ৰীসকলৰ সুবিধা-অসুবিধাৰ বুজ লয়৷ যাত্ৰীসকলৰ সৈতে বাতাৰ্লাপ কৰি তেওঁলোকে দৈনন্দিন যাত্ৰাকালত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষভাৱে বুজ লয়৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ যান-বাহন ব্যৱস্থাপনা ব্যৱস্থা সু-শৃংখলিতকৰণৰ লগতে গুৱাহাটীবাসীৰ পৰিবহণ ব্যৱস্থা মসৃণ কৰাৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ কালিৰ দিনটোতো এই বিষয় লৈ পৰিবহণ বিভাগ, মহানগৰ আৰক্ষী আৰু অন্যান্য বিষয়ববীয়াসকলৰ সৈতে মন্ত্ৰীগৰাকী দুখনকৈ বৈঠকত মিলিত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

আনহাতে, আজিৰ যাত্ৰাকালৰ মাজতে মন্ত্ৰী সিংহলে গুৱাহাটীৰ পল্টন বজাৰত থকা পৌৰ নিগমৰ দৈনিক বজাৰখনো পৰিদৰ্শন কৰি¸ ইয়াৰ আন্তঃগাঁথনি তথা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বুজ লয়৷ তেওঁ বজাৰৰ ব্যৱসায়ীসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ সমস্যাৰাজিৰো খা-খবৰ লয়৷ দোকানসমূহৰ লগতে বজাৰ চৌহদ পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ কৰি ৰখাৰ বাবে তেওঁ ব্যৱসায়ীসকলৰ প্ৰতি আহ্বান জনায়৷

ইয়াৰ পিছতে গণেশগুৰি বাছ আস্থানত সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে এজন জনপ্ৰতিনিধি হিচাপে জনগণৰ বাস্তৱ জীৱন-যাত্ৰাক পোনপটীয়াকৈ উপলদ্ধি কৰাটো তেওঁৰ প্ৰাথমিক কৰ্তব্য৷ আজি চিটিবাছেৰে চহৰৰ একাংশ এলেকা পৰিভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে সদৰী কৰি তেওঁ কয় যে মহানগৰীৰ একাংশ চিটিবাছৰ শৃংখলাবিহীন চলাচলৰ বাবে চহৰখনৰ বহু এলেকাত যান-জঁটৰ সৃষ্টি হৈ আহিছে৷ সেইদৰে বাছসমূহে নিৰ্ধাৰিত পৰিমাণতকৈ অধিক যাত্ৰী উঠোৱা, আস্থানসমূহত দীৰ্ঘ সময় ধৰি ৰখাই থোৱা আদি সমস্যাও তেওঁ প্ৰত্যক্ষ কৰিছে৷ মহিলা আৰু যুৱতী যাত্ৰীসকলেও বাছত যাত্ৰাকালত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ বিষয়ে তেওঁক অৱগত কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এইধৰণৰ সকলো সমস্যাৰ সমাধানৰ বাবে পৰিবহণ বিভাগৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ সেইদৰে পৌৰ নিগমৰ অধীনৰ অৰ্ধনিৰ্মিত বজাৰগৃহসমূহো সোনকালে সম্পূৰ্ণ কৰাৰ লগতে বজাৰসমূহত পৰিষ্কাৰ-পৰিচ্চন্নতা সুনিশ্চিত কৰাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সাংবাদিকসকলক জানিবলৈ দিয়ে৷

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...