আইমী বৰুৱা পৰিচালিত আৰু অভিনীত ছবি ‘ছেমখৰ’ নিৰ্বাচিত ইণ্ডিয়ান পেন’ৰমালৈ

৫২ সংখ্যক “ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া”ৰ “ইণ্ডিয়ান পেন’ৰমা”ৰ বাবে নিৰ্বাচিত অসমৰ তিনিখনকৈ ছবি

অভিনেত্ৰী আইমী বৰুৱাৰ পৰিচালিত আৰু অভিনীত ডিমাছা ছবি ‘ছেমখৰ’ৰ প্ৰদৰ্শনেৰে আৰম্ভ হ’ব ৫২ সংখ্যক ‘ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া’ৰ ‘ইণ্ডিয়ান পেন’ৰমা’

গোৱাত নৱেম্বৰ মাহৰ ২০ ৰ পৰা ২৮ তাৰিখলৈকে চলিব লগীয়া ৫২ সংখ্যক ‘ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া’ৰ ‘ইণ্ডিয়ান পেন’ৰমা’ৰ বাবে নিৰ্বাচিত চলচিত্ৰসমূহৰ তালিকাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ পৰিচালিত আৰু অভিনীত ডিমাছা ছবি ‘ছেমখৰ’ৱেও স্থান লাভ কৰিছে। অসমৰ পৰা ছেমখৰৰ উপৰিও বড়ো আৰু মিচিং ভাষাৰ আন দুখন ছবি ক্ৰমে ‘চিজৌ’ আৰু ‘বোম্বা ৰাইদ’ ‘ইণ্ডিয়ান পেন’ৰমা’ৰ বাবে নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে অহা ২০ তাৰিখে গোৱাত ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ চলচিত্ৰ সমাৰোহ সঞ্চালকালয় আৰু গোৱা চৰকাৰৰ উদ্যোগত আৰম্ভ হ’ব লগা ‘ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া’ৰ ‘ইণ্ডিয়ান পেন’ৰমা’ ত প্ৰদৰ্শন হ’ব লগা চলচিত্ৰসমূহৰ উদ্ধোধনী ছবি হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ পৰিচালিত আৰু অভিনীত ডিমাছা ছবি ‘ছেমখৰ’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...