আইমী বৰুৱা পৰিচালিত আৰু অভিনীত ছবি ‘ছেমখৰ’ নিৰ্বাচিত ইণ্ডিয়ান পেন’ৰমালৈ

৫২ সংখ্যক “ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া”ৰ “ইণ্ডিয়ান পেন’ৰমা”ৰ বাবে নিৰ্বাচিত অসমৰ তিনিখনকৈ ছবি

অভিনেত্ৰী আইমী বৰুৱাৰ পৰিচালিত আৰু অভিনীত ডিমাছা ছবি ‘ছেমখৰ’ৰ প্ৰদৰ্শনেৰে আৰম্ভ হ’ব ৫২ সংখ্যক ‘ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া’ৰ ‘ইণ্ডিয়ান পেন’ৰমা’

গোৱাত নৱেম্বৰ মাহৰ ২০ ৰ পৰা ২৮ তাৰিখলৈকে চলিব লগীয়া ৫২ সংখ্যক ‘ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া’ৰ ‘ইণ্ডিয়ান পেন’ৰমা’ৰ বাবে নিৰ্বাচিত চলচিত্ৰসমূহৰ তালিকাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ পৰিচালিত আৰু অভিনীত ডিমাছা ছবি ‘ছেমখৰ’ৱেও স্থান লাভ কৰিছে। অসমৰ পৰা ছেমখৰৰ উপৰিও বড়ো আৰু মিচিং ভাষাৰ আন দুখন ছবি ক্ৰমে ‘চিজৌ’ আৰু ‘বোম্বা ৰাইদ’ ‘ইণ্ডিয়ান পেন’ৰমা’ৰ বাবে নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে অহা ২০ তাৰিখে গোৱাত ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ চলচিত্ৰ সমাৰোহ সঞ্চালকালয় আৰু গোৱা চৰকাৰৰ উদ্যোগত আৰম্ভ হ’ব লগা ‘ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া’ৰ ‘ইণ্ডিয়ান পেন’ৰমা’ ত প্ৰদৰ্শন হ’ব লগা চলচিত্ৰসমূহৰ উদ্ধোধনী ছবি হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ পৰিচালিত আৰু অভিনীত ডিমাছা ছবি ‘ছেমখৰ’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...