কভিড কাল হৈ নামিছে নেকি? মুম্বাইত ১৪৪ ধাৰা, মানি চলিব লাগিব এইসমূহ নিয়ম

দেশত বাঢ়িয়েই আছে কভিড সংক্ৰমণৰ ঘটনা। মুম্বাইত অমিক্ৰনৰ সংক্ৰমণৰ বাবে ১৪৪ ধাৰা জাৰি কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। ১২ ডিচেম্বৰলৈ ৰাজহুৱা ৰেলী, বিশাল জনসমাবেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিয়ম নমনাসকলক শাস্তি বিহিব প্ৰশাসনে। ইণ্ডিয়েন পেনেল কোডৰ ১৮৮ ধাৰা আৰু অন্য ধাৰাসমূহৰ অধীনত জৰিমনা আৰু শাস্তিৰ সন্মুখীন হব আইন নমনাসকল। ৰাজহুৱা স্থানত সকলোকে মাস্ক পৰিধান কৰাৰ আহ্বান প্ৰশাসনৰ। বিনা কাৰণত বহু লোকৰ সমাবেশ নকৰিবলৈ আহ্বান।

AIMIMৰ প্ৰধান আছাদুদ্দিন ওৱেছীৰ ৰেলীৰো অনুমতি প্ৰদান কৰা নাই প্ৰশাসনে। মুছলিমৰ বাবে আসন সংৰক্ষণৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল ওৱেছীয়ে। এইপৰ্যন্ত ভাৰতত ৩২টা অমক্ৰিন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। সৰ্বাধিক মহাৰাষ্ট্ৰত ১৭গৰাকী লোক সংক্ৰমিত হোৱাৰ বিপৰীতে ৰাজস্থানত ৯গৰাকীৰ দেহত পোৱা গৈছে পজিটিভ। আনহাতে, গুজৰাটত ৩গৰাকী, দিল্লীত এগৰাকী আৰু কৰ্ণাটকত দুগৰাকী লোকৰ দেহত পোৱা গৈছে অমক্ৰিন ভাইৰাছ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...