পত্নী আৰু মাতৃৰ সন্মুখতে ঘপিয়াই ঘপিয়াই হত্যা বিজেপি নেতাক, ঘৰলৈ যোৱাৰ পৰত SDPI নেতাক নৃশংস হত্যা, আৰক্ষীৰ ১৪৪ ধাৰা

মাত্ৰ ১২ ঘণ্টাত দুটা পৃথক ৰাজনৈতিক দলৰ দুজন নেতাক নৃশংস হত্যা। দক্ষিণৰ ৰাজনীতিত হিংসাৰ দাবানল! ছচিয়েল ডেমক্ৰেটিক পাৰ্টী অৱ ইণ্ডিয়াৰ নেতা কে এছ শ্বানক হত্যা। আনহাতে, এই ঘটনা মাৰ নৌযাওঁতেই বৰ্বৰভাবে হত্যা বিজেপি নেতা ৰঞ্জিত শ্ৰীনিৱাসনক। ৰঞ্জিত শ্ৰীনিৱাসন বিজেপি নেতা তথা কেৰালা বিজেপিৰ OBC মৰ্চাৰ ৰাজ্যিক সম্পাদক। শ্ৰীনিৱাসনৰ আলাপুঝাৰ ঘৰত পুৱা ৬ৰ পৰা ৬.৩০ বজাৰ ভিতৰত অতৰ্কিতে প্ৰৱেশ কৰে। পত্নী আৰু মাতৃৰ সন্মুখতে ঘপিয়াই ঘপিয়াই হত্যা কৰে ৰঞ্জিত শ্ৰীনিৱাসনক। বিগত বিধানসভা নিৰ্বাচনত আলাপুঝা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আছিল ৰঞ্জিত শ্ৰীনিৱাসন। পেছাত এগৰাকী অধিবক্তা শ্ৰীনিৱাসনক দুৰ্বৃত্তই হত্যাৰ পিছতে উত্তাল হৈ পৰিছে কেৰালাৰ ৰাজনীতি।

একাংশৰ মতে SDPI নেতাৰ হত্যাৰ প্ৰতিশোধৰূপেই শ্ৰীনিৱাসনক হত্যা কৰা হৈছে। আন একাংশৰ সন্দেহ এই নৃশংস হত্যাৰ আঁৰত ইছলামিক সন্ত্ৰাসবাদী গোট জড়িত আছে। SDPIৰ নেতা-কৰ্মীয়ে সময়ে সময়ে RSS আৰু বিজেপিৰ সদস্যক টাৰ্গেট কৰি অহাৰ অভিযোগ বিজেপিৰ। কংগ্ৰেছেও এই ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে আৰক্ষীক শীঘ্ৰে দোষীক কৰায়ত্ত কৰাৰ দাবী জনাইছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ছচিয়েল ডেমক্ৰেটিক পাৰ্টী অৱ ইণ্ডিয়াৰ ৰাজ্যিক সম্পাদক কে এছ শ্বানকো নৃশংসভাবে হত্যা কৰা হৈছিল। ঘৰলৈ গৈ থকাৰ সময়ত নিশা জঘন্যভাবে আঘাত কৰি দুৰ্বৃত্তই পেলাই থৈ গৈছিল কে এছ শ্বানক। ইয়াৰ পিছত ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হৈছিল যদিও কোচিৰ এখন হাস্পতালত মৃত্যু ঘটে কে এছ শ্বানৰ।

SDPI নেতাগৰাকীৰ হত্যাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আন এক অমানুষিক হত্যাকাণ্ড কেৰালাত। এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছে আলাপুঝা জিলা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে। এই দুয়োটা হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...