ইউৰোপীয় যাত্ৰীসকলে প্ৰায়ে কয় যে, বোয়িং বিমানৰ 11A আসনত বহিলে যাত্ৰাৰ আমেজ নষ্ট হয়। এই আসনক ‘উইন্ডো ছিট’ বুলি ক’লেও তাৰ কাষত কোনো খিড়িকী নাথাকে, কেৱল বিমানৰ দেৱাল। সেইবাবে যাত্ৰীসকলে এই আসনখন মুঠেই পছন্দ নকৰে। কিন্তু এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা এখন বোয়িং বিমানৰ সেই 11A আসনত বহি প্ৰাণ ৰক্ষা পাইছে ৰমেশ বিশ্বাসকুমাৰে। বিমানখনত থকা ২৪২জন যাত্ৰীৰ ভিতৰত তেওঁৰ বাহিৰে আৰু কাৰোৰে প্ৰাণ নাবাচিল। এই ঘটনাৰ পিছত প্ৰশ্ন উঠিছে—বোয়িং বিমানৰ অপছন্দৰ এই আসনখনেই আটাইতকৈ নিৰাপদ নেকি?
বৃহস্পতিবাৰে দুপৰীয় ১ বাজি ৩৮ মিনিটত আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ লণ্ডনৰ গেটউইকলৈ যোৱা বিমানখনে উৰা মাৰিছিল। উৰা মাৰি পাঁচ মিনিটৰ ভিতৰতে আহমেদাবাদৰ মেঘানিনগৰত বিমানখন ভাঙি পৰে। বিমানত থকা ২৪২জনৰ ভিতৰত ২৪১ জনৰ মৃত্যু হয়, কিন্তু 11A আসনত বহি থকা ৰমেশৰ প্ৰাণে বাচে। তেওঁৰ এই প্ৰাণ ৰক্ষাক গোটেই বিশ্বই ‘অলৌকিক’ বুলি মানিছে। সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীসকলে এতিয়া বোয়িং বিমানৰ এই অপছন্দৰ আসনক ‘আটাইতকৈ নিৰাপদ’ বুলি কৈছে।
বোয়িং ৭৩৭-৯০০ আৰু ৯০০ইআৰ মডেলৰ 11A আসনখন খিড়িকীৰ কাষত থাকিলেও তাৰ কাষত কোনো খিড়িকী নাথাকে। সেইবাবে ইয়াক ‘খিড়িকীবিহীন খিড়িকী আসন’ বুলি কোৱা হয়। এয়াৰ কণ্ডিশ্বনাৰৰ নলী আৰু বিমানৰ গঠনৰ কাৰণে 11Aৰ কাষত খিড়িকী থাকিব নোৱাৰে। বোয়িং ৭৩৭ৰ সকলো বিমানতে এই সমস্যা দেখা যায়। যাত্ৰীসকলে প্ৰায়েই সামাজিক মাধ্যমত এই বিষয়ে অভিযোগ কৰে। বহুতে নজনাকৈ এই আসন বুক কৰি লয় আৰু খিড়িকীৰ কাষত বহি যাত্ৰা উপভোগ কৰাৰ সপোন দেখে, কিন্তু বাস্তৱত ওলোটো অভিজ্ঞতা হয়। কিছুমানে এই বিষয়ে ঠাট্টাও কৰে।
11A আসনৰ আৰু কিছু অসুবিধাও আছে। এই আসনৰ কাষত প্ৰায়ে খাদ্য বা চাহ ৰখাৰ ট্ৰলি থাকে। বিমানৰ কৰ্মীসকলে ৰাতি তাত কাম কৰি থাকে, যাৰ বাবে যাত্ৰীৰ টোপনিৰ ব্যাঘাত ঘটে। বিজনেছ ক্লাছৰ পিছত 11Aৰ পৰা ইকনমি ক্লাছ আৰম্ভ হয়, তাৰ বাবে এই আসনৰ আগত অলপ বেছি ঠাই থাকে। ভৰি মেলি বহিব পৰা যায়। সেয়ে শিশুৰ সৈতে যাত্ৰা কৰা যাত্ৰীসকলক প্ৰায়ে এই আসন দিয়া হয়। মুঠতে, এই আসনত বহি যাত্ৰা কৰাটো বিশেষ সুখকৰ নহয়।
আহমেদাবাদৰ দুৰ্ঘটনাৰ পিছত প্ৰশ্ন উঠিছে—বোয়িং বিমানৰ 11A আসনৰ বাবে এতিয়াৰ পৰা বিমান সংস্থাই বেছি ভাড়া ল’ব নেকি? সামাজিক মাধ্যমত ব্যৱহাৰকাৰীৰ এটা ডাঙৰ অংশই এই প্ৰশ্ন তুলিছে। ইউৰোপ আৰু মৰক্কোত সস্তাত উৰণ সেৱা প্ৰদান কৰা ‘ৰায়ানএয়াৰ’ বোয়িং বিমানত 11A আসনৰ বাবে যাত্ৰীসকলে প্ৰায়ে অভিযোগ কৰে। বহুতে সামাজিক মাধ্যমত এই আসনৰ ফটো পোষ্ট কৰে, যাৰ বাবে সংস্থাটোৰ বদনামো হৈছিল। এতিয়া সেই 11A আসনৰ ফটোৱেই সামাজিক মাধ্যমত ভাইৰেল হৈছে। কিছু নেট নাগৰিকে ঠাট্টা কৰি কৈছে যে, এতিয়া বিমান সংস্থাই এই আসনৰ দাম বঢ়াব।
