স্কুটি চালকে চোঁচৰাই নিলে যান-বাহন আৰক্ষীক

নগাঁও ৰাজপথত চাঞ্চল্যকৰ ঘটনা। স্কুটি চালকে চোঁচৰাই নিলে যানবাহন নিয়ন্ত্ৰণ শাখাৰ এজন সহকাৰী উপ পৰিদৰ্শকক। শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হৈছে এই ঘটনা। নগাঁও মহাবিদ্যালয় চ’কত যানবাহন নিয়ন্ত্ৰণ শাখাৰ সহকাৰী উপ পৰিদৰ্শকজনক চোঁচৰাই নিয়ে স্কুটী চালকে।

যানবাহন আইন অমান্য কৰা চালকৰ বিৰুদ্ধে অভিযান চলাই থকা অৱস্থাত নগাঁও হেলমেট পৰিধান নকৰাকৈ AS-02L-1023 নম্বৰৰ স্কুটি এখনত অহা দুই যুৱকক ৰখিবলৈ নিৰ্দেশ দিয়ে ট্ৰেফিকে৷ কিন্তু ট্ৰেফিকৰ নিৰ্দেশ অমান্য কৰি পলায়নৰ চেষ্টা চলোৱা যুৱকজনক বাধা দিয়ে যান-বাহন আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক নিৰঞ্জন দিহিঙীয়াই৷ যুৱক দুজনক স্কুটীত ধৰি ৰখোৱাৰ চেষ্টা কৰে যদিও উপ পৰিদৰ্শক জনক ৰাজপথৰে চোঁচৰাই পলায়নৰ চেষ্টা চলায় স্কুটি চালক মুচাহিদ ৰফিকুল আহমেদে। পিছত উপস্থিত আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে স্কুটি চালক মুচাহিদ ৰফিকুল আহমেদক। ধৃত মুচাহিদ ৰফিকুল আহমেদৰ ঘৰ নগাঁৱৰ হয়বৰগাঁৱত বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শোকাৱহ দুৰ্ঘটনাই জোকাৰি গ’ল বৰপেটাৰ সৰ্থেবাৰী

সৰ্থেবাৰীত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পিতৃ আৰু ৫বছৰীয়া পুত্ৰৰ কৰুণ...

ভাৰতৰ সন্মুখত লক্ষ্য ২৪২ ৰান

চেম্পিয়নছ ট্ৰফীৰ হাই ভল্টেজ খেল। আটাইকেইটা উইকেট হেৰুৱাই পাকিস্তানৰ...

সৰ্থেবাৰীৰ ৰাজপথত শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন

শোকাৱহ ঘটনাই জোকাৰি গ'ল সৰ্থেবাৰী। সৰ্থেবাৰী-বৰপেটা পথত শেষ হৈ...

সুৰংগ খহি আবদ্ধ ৮ শ্ৰমিক, পানী জমা হোৱাৰ বাবে ব্যাহত উদ্ধাৰ অভিযান

পুনৰ সংঘটিত হৈছে এক অঘটন। এইবাৰ নিৰ্মীয়মান সুৰংগ খহি...