স্কুটি চালকে চোঁচৰাই নিলে যান-বাহন আৰক্ষীক

নগাঁও ৰাজপথত চাঞ্চল্যকৰ ঘটনা। স্কুটি চালকে চোঁচৰাই নিলে যানবাহন নিয়ন্ত্ৰণ শাখাৰ এজন সহকাৰী উপ পৰিদৰ্শকক। শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হৈছে এই ঘটনা। নগাঁও মহাবিদ্যালয় চ’কত যানবাহন নিয়ন্ত্ৰণ শাখাৰ সহকাৰী উপ পৰিদৰ্শকজনক চোঁচৰাই নিয়ে স্কুটী চালকে।

যানবাহন আইন অমান্য কৰা চালকৰ বিৰুদ্ধে অভিযান চলাই থকা অৱস্থাত নগাঁও হেলমেট পৰিধান নকৰাকৈ AS-02L-1023 নম্বৰৰ স্কুটি এখনত অহা দুই যুৱকক ৰখিবলৈ নিৰ্দেশ দিয়ে ট্ৰেফিকে৷ কিন্তু ট্ৰেফিকৰ নিৰ্দেশ অমান্য কৰি পলায়নৰ চেষ্টা চলোৱা যুৱকজনক বাধা দিয়ে যান-বাহন আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক নিৰঞ্জন দিহিঙীয়াই৷ যুৱক দুজনক স্কুটীত ধৰি ৰখোৱাৰ চেষ্টা কৰে যদিও উপ পৰিদৰ্শক জনক ৰাজপথৰে চোঁচৰাই পলায়নৰ চেষ্টা চলায় স্কুটি চালক মুচাহিদ ৰফিকুল আহমেদে। পিছত উপস্থিত আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে স্কুটি চালক মুচাহিদ ৰফিকুল আহমেদক। ধৃত মুচাহিদ ৰফিকুল আহমেদৰ ঘৰ নগাঁৱৰ হয়বৰগাঁৱত বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...