আবতৰীয়া শৰতৰ ৰঙত ৰঙীন বশিষ্ঠৰ চাৰু কলা কলেজ

মহানগৰীৰ বশিষ্ঠস্থিত আজি অনুষ্ঠিত হয় চাৰু কলা মহাবিদ্যালয়ত শৰতৰ ৰং শীৰ্ষক বিশেষ অনুষ্ঠানৰ। মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এই শৰতৰ ৰং শীৰ্ষক অনুষ্ঠানৰ। এই উপলক্ষ্যে মহাবিদ্যালয়খনত দেৱাল অংকন তথা সংগীত আৰু কবিতাৰ অনুষ্ঠান আয়োজন কৰা হয়। কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিল্পীয়ে গীত পৰিৱেশন কৰি সুৰেৰে জীপাল কৰি তোলে। এই বৰ্ণিল অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক তথা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা। মহাবিদ্যালখনৰ দেৱালত চিত্ৰ অংকনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে মন্ত্ৰী বিমল বৰাই। নিজৰ ভাষণত আগন্তুক দিনত মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰীগৰাকীৰ। এই মহাবিদ্যালয়খনে অসমৰ চিত্ৰ তথা সাংস্কৃতিক দিশত সদায় অৱদান আগবঢ়াই অহাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে পাঠ্যক্ৰম সংশোধন আৰু উপভোগ্য আৰু বিশ্বমুখী আধুনিক মানৰ শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়াৰ আহ্বান মন্ত্ৰীগৰাকীৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

এডভান্টেজ আছাম ২.০ সম্মিলনে বিকাশ আৰু সুযোগৰ নতুন যুগৰ সূচনা কৰিবঃ মুখ্যমন্ত্রী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে এডভান্টেজ আছাম ২.০ সম্মিলন...

তেল-গেছৰ অন্বেষণ আৰু উৎপাদনত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বেদান্ত গ্ৰুপে

গ্ৰুপ কোম্পানী কেয়াৰ্ন অইল এণ্ড গেছে অসমত তেল আৰু...

গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত ৮ সহস্রাধিক শিল্পীয়ে প্রদর্শন কৰিলে ঝুমইৰ নৃত্য

'ঝুমইৰ বিনন্দিনী' শীর্ষক অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ চাহ...

পুৱাই অনুভূত ভূমিকম্প, হাহাকাৰ চৌদিশে

পুনৰ অনুভূত ভূমিকম্প পশ্চিমবংগৰ ভিন্ন প্ৰান্তত অনুভূত ভূমিকম্প পুৱা প্ৰায় ৬...