বিখ্যাত সন্তুৰ বাদক শিৱ কুমাৰ শৰ্মাৰ মৃত্যু

বিশ্ব বিখ্যাত সন্তুৰ বাদক শিৱ কুমাৰে আজি ইহলীলা সম্বৰণ কৰে। হৃদৰোগত আক্ৰান্ত হৈ ৮৪ বছৰ বয়সত মৃত্যু হয় কিংবদন্তী শিল্পীজনৰ।

বিখ্যাত শিল্পীজনৰ জন্ম হৈছিল ১৯৩৮ চনৰ ১৩ জানুৱাৰী তাৰিখে জম্মুত। তেওঁ পাঁচ বছৰ বয়সৰ পৰাই দেউতাকৰ পৰা তবলা আৰু সংগীতৰ শিক্ষা লৈছিল। এই বিশ্ব বিখ্যাত শিল্পীজনে ১৩ বছৰ বয়সৰ পৰাই সন্তুৰ বজাবলৈ আৰম্ভ কৰিছিল। আৰু জম্মু-কাশ্মীৰৰ পৰিচিত বাদ্যযন্ত্ৰ সন্তুৰক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

শিৱ কুমাৰৰ প্ৰথম একক এলবাম ১৯৬০ চনত মুক্তি পাইছিল। ইয়াৰ পাছতে তেওঁ বলীউডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। আৰু পিছলৈ তেওঁ হৰিপ্ৰসাদ চৌৰাছিয়াৰ সৈতে লগ হৈ বহুতো কালজয়ী সুৰৰ সৃষ্টি কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...