ৰমজান উপলক্ষে অনুৰাগীলৈ ছলমানৰ উপহাৰ

১২ মাৰ্চৰ পৰা অৰ্থাৎ বুধবাৰৰ পৰা আৰম্ভ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ। ৰমজান মাহ উপলক্ষে অনুৰাগীলৈ বিশেষ উপহাৰ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ। ৰমজানৰ প্ৰথম দিনটোতেই ছলমানৰ পৰা উপহাৰ লাভ কৰি উৎফুল্লিত হৈছে অনুৰাগী। ছলমানৰ কি উপহাৰে অনুৰাগীক সুখী কৰিছে জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন।

ৰমজানৰ প্ৰথম দিনটো বিশেষ কৰি তুলিলে ছলমানে
১২ মাৰ্চত ছ’চিয়েল মিডিয়াত বিশেষ পোষ্ট ছলমানৰ
ৰমজান উপলক্ষে অনুৰাগীলৈ ছলমানৰ উপহাৰ

এই উপহাৰ আন একো নহয়। অনুৰাগীলৈ এখন নতুন চিনেমা উপহাৰ দিবলৈ সাজু হৈছে জনপ্ৰিয় অভিনেতা ছলমান খান। পৰিচালক এ আৰ মুৰুগাডোছৰ নতুন ছবিৰ বাবে চুক্তিবদ্ধ হৈছে ছলমান খান। সামাজিক মাধ্যমত ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে ছলমানে। কিন্তু প্ৰকাশ কৰা নাই আগন্তুক ছবিখনৰ শিৰোনাম। মঙলবাৰে এটা ইনষ্টা পোষ্টত নিজৰ নতুন চিনেমাৰ কথা ঘোষণা ছলমানৰ। ছাজিদ নাদিয়াৱালা আৰু মুৰুগাডোছৰ সৈতে কাম কৰিবলৈ পাই সুখী হৈছে ছলমান। সেই সুখৰ অনুভৱ ইণষ্টা পষ্টত প্ৰকাশ কৰিছে অভিনেতাজনে। আগন্তুক ছবিখনৰ বাবে অনুৰাগীৰ পৰা মৰম-শুভাশীষ কামনা কৰিছে ছলমানে।


ৰমজানত ছলমানৰ পৰা এই উপহাৰ লাভ কৰি আনন্দিত হৈছে চলচ্চিত্ৰ অনুৰাগী।
একাংশ অনুৰাগীয়ে শুভেচ্ছা জনালে ছলমানক

এজনে লিখিলে ‘‘ভাইজানৰ নামত ২০২৫ চন ।’’ কোনোৱে যদি ছলমানক অভিনন্দন জনাইছে কোনোৱে জনাইছে পৱিত্ৰ ঈদৰ শুভেচ্ছা। এজনে আকৌ লিখিলে, ছবিখনলৈ অধীৰ অপেক্ষা কৰিব নোৱাৰাৰ কথা। মুঠতে ছলমানৰ চিনেমালৈ সাংঘাটিক হেঁপাহ চলচ্চিত্ৰপ্ৰেমীৰ। বক্স অফিচত সফলেই হওক বা বিফল, বছৰটোৰ ভিতৰত ছলমানৰ এখন চিনেমাৰ বাবে আগ্ৰহেৰে বাট চাই থাকে একাংশ
অনুৰাগী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...