লৰেন্স বিষ্ণোই গেঙৰ ভাবুকি আওকাণ কৰি ছলমানে উলহ-মালহেৰে পাতিলে গণেশ চতুৰ্থী

যোৱা বছৰ ছলমান খানৰ বাসগৃহত দুৰ্বৃত্তই গুলীচালনা কৰিছিল। তাৰ পাছৰে পৰা তেওঁ ২৪ ঘণ্টাই কঠোৰ নিৰাপত্তাৰ মাজত চলা-ফুৰা কৰে। যদিও এই নিৰাপত্তা তেওঁৰ বাবে সুখকৰ নহয় বুলি অভিনেতাজনে নিজেই জনাইছে। মুম্বাইৰ ফ্লেটৰ খোলা বাৰাণ্ডা তেওঁ বুলেটপ্ৰুফ কাঁচেৰে ঢাকিছে।

এই বছৰৰ আৰম্ভণিৰে পৰা বলীউডৰ ভাইজানে কিছু স্বস্তিৰ মাজত আছিল, কিন্তু লৰেন্স বিষ্ণোইয়ে আকৌ হুমকি দিবলৈ আৰম্ভ কৰিছে। ছলমানৰ সৈতে যিয়েই কাম কৰিব, তেওঁলোকক গুলী কৰি মাৰি পেলোৱাৰ হুমকি দিছে। প্ৰয়োজন হ’লে মুম্বাইত ‘AK47’ চলিব আৰু কানাডাত কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি বিষ্ণোইয়ে এনে হুমকি দিছে। কপিলৰ দোষ এয়ে যে, তেওঁ নিজৰ সাক্ষাৎকাৰভিত্তিক অনুষ্ঠানত ছলমানক আমন্ত্ৰণ জনাইছিল।

নতুনকৈ হুমকি পোৱাৰ পাছত ছলমানৰ কপালত যেন আকৌ চিন্তাৰ ভাঁজ পৰিছে। তথাপিও ছলমান ভয়তে ঘৰত বহি থকা মানুহ নহয়। প্ৰতি বছৰ তেওঁ ঘৰত ধুমধামেৰে গণেশ চতুৰ্থী পালন কৰে। এইবাৰ গণপতি বিসৰ্জনতো তেওঁ ঢাক-ঢোলৰ সৈতে নাচি নাচি সমুদ্ৰ তীৰলৈ গৈছিল। তেওঁৰ সৈতে বায়েক অৰ্পিতা খান শৰ্মা, ভিনিহিয়েক আয়ুষ শৰ্মা আৰু আন কেইবাজনকো নাচি থকা দেখা গৈছিল। ছলমানৰ ঘৰৰ পূজাত অংশ লৈছিল অভিনেত্ৰী সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...