বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা। ‘ফৰিংবোৰে বাটৰ কথা জানে’ শীৰ্ষক গ্ৰন্থৰ বাবে তেখেতলৈ আগবঢ়োৱা হৈছে এই বঁটা। অসমীয়া কবিতালৈ নতুনত্ব আনিছে সমীৰ তাঁতীয়ে।

চন ১৯৫৫, ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখ। সেই দিনটোতেই গোলাঘাট জিলাৰ বিহৰা চাহ বাগিছাত জন্মগ্ৰহণ কৰিছিল সমীৰ তাঁতীয়ে। তেখেতৰ পিতৃ আছিল চাহ শ্ৰমিক কৰ্ণ তাঁতী আৰু মাতৃ নোৱাগ’ৰ তাঁতী। ১৯৭৯ চনত ‘নাগৰিক’ কাকতত সমীৰ তাঁতীৰ প্ৰথমটো কবিতা প্ৰকাশ পায়। বৰ্তমানলৈকে সমীৰ তাঁতীৰ বাৰখন কবিতাপুথি, সমালোচনা আৰু গদ্য সাহিত্যৰ চাৰিখন সংকলন, আফ্ৰিকীয় কবিতা আৰু জাপানী প্ৰেমৰ কবিতাৰ দুখন অনুদিত গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে তেখেতৰ সম্পাদনাৰে দুখন গল্প সংকলন প্ৰকাশ পাইছে। যুদ্ধভূমিৰ কবিতা (১৯৮৫), শোকাকুল উপত্যকা (১৯৯৩), সময় শব্দ সপোন (১৯৯৬), কদম ফুলাৰ ৰাতি (২০০১) আদি সমীৰ তাঁতীৰ প্ৰকাশিত উল্লেখযোগ্য কবিতা সংকলন।

কবি সমীৰ তাঁতীয়ে সমীৰ তাঁতীয়ে এজন উৰিয়া শিক্ষকৰ ওচৰ শিক্ষাজীৱনৰ আৰম্ভণি কৰিছিল। এবছৰমান পিছত তেখেতে বিহৰাৰ এখন হিন্দী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে। দুবছৰমান সেইখন বিদ্যালয়ত পঢ়াৰ পিছত তেখেতে অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৯৭৪ চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ১৯৮৩ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে।\

এইগৰাকী কবিয়ে কৰ্মজীৱনৰ পাতনি মেলিছিল হোমেন বৰগোহাঞিৰ দ্বাৰা সম্পাদিত “সাদিনীয়া নাগৰিক” কাককত উপ-সম্পাদক হিচাপে। তাৰ পিছত তেখেতে “দ্য ছেণ্টিনেল” কাকতত আৰ্হিকাকত চাওঁতা হিচাপে কাম কৰে। ইয়াৰ পিছত তেখেতে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত অনুবাদক, শৰাইঘাট মহাবিদ্যালয়ৰ প্ৰবক্তা, খানাপাৰাৰ গণেশ মন্দিৰ বিদ্যালয়ত শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি বৰ্তমান অসম চৰকাৰৰ জ্যেষ্ঠ পৰ্যটন অনুসন্ধান বিষয়াৰূপে কাম কৰি আছে।

২০১২ চনৰ নৱেম্বৰত সমীৰ তাঁতীক ছগনলাল জৈন সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল। ২০১২ চনত অসম উপত্যকা বঁটাৰে সন্মানিত হৈছিল সমীৰ তাঁতী। শেহতীয়াকৈ তেখেতক পশ্চিমবংগ চৰকাৰৰ বাংলা একাডেমীয়েও সম্বৰ্ধনা জ্ঞাপন কৰে।

বি:দ্ৰ: এই প্ৰতিবেদন সাধাৰণ তথ্য, ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ভিত্তিতহে প্ৰস্তুত কৰা হৈছে

Popular

More like this
Related

JIO, BSNL, Airtel, VIৰ গ্ৰাহকসকলৰ বাবে সুখবৰ

TRAIয়ে আনিলে নতুন নিয়ম JIO ছিমখন ৰিচাৰ্জ নকৰাকৈয়ে ৯০ দিন...

গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬ জনকৈ যুৱক

এইবাৰ গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬...

‘IIT বাবা’ক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পিতৃৰ

প্ৰয়াগৰাজত এতিয়া হাজাৰ হাজাৰ ভক্তৰ সমাগম। মহাকুম্ভমেলা আৰম্ভ হোৱাৰ...

আল্লু অৰ্জুনৰ ‘পুষ্পা 3’ৰ নায়িকা হ’ব মনালিছা!

কুম্ভ মেলাৰ পৰা আল্লু অৰ্জুনৰ নায়িকালৈ। ইন্দোৰৰ ছোৱালীজনীৰ চকুৰ...