ডিচেম্বৰত ভাৰতলৈ আহিব পাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই বছৰৰ ডিচেম্বৰ মাহত ভাৰতলৈ আহিব পাৰে। ৫-৬ ডিচেম্বৰত তেওঁ ভাৰতলৈ অহাৰ কথা। যদিও আনুষ্ঠানিক তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই। ২৮ ছেপ্টেম্বৰ তাৰিখে ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছৰ্গেই লাভ্ৰ’ভে পুটিনৰ ভাৰত ভ্ৰমণৰ কথা ব্যক্ত কৰিছিল। পুটিনে ইয়াৰ পূৰ্বে ২০২১ চনৰ ৬ ডিচেম্বৰ তাৰিখে ভাৰতলৈ আহিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ৰাছিয়ালৈ গৈছিল। ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পিছত মোদীৰ এই প্ৰথম ৰাছিয়া যাত্ৰা আছিল। ম’স্ক’ত উপস্থিত হোৱাৰ লগে লগেই প্ৰধানমন্ত্ৰী মোদীক  ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে উষ্ম অভিবাদন জনাইছিল। এই যাত্ৰা এনে সময়ত হৈছে যেতিয়া ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক অধিক শক্তিশালী হৈছে, আনহাতে আমেৰিকাই ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত টেৰিফ আৰোপ কৰিছে।

এই যাত্ৰাৰ খবৰ প্ৰথমে আগষ্ট মাহত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ ম’স্ক’ যাত্ৰাৰ সময়ত পোহৰলৈ আহিছিল, কিন্তু তেতিয়া তাৰিখ নিৰ্ধাৰিত হোৱা নাছিল। পিছত পুটিন আৰু মোদী চীনত ১ ছেপ্টেম্বৰত ছাংহাই সহযোগ সংস্থাৰ (SCO) বৈঠকত মিলিত হৈছিল। তাত তেওঁলোকে এঘণ্টাৰো অধিক সময় দ্বিপাক্ষিক আলোচনাত বহিছিল।

পুটিনৰ এই যাত্ৰা এনে সময়ত হৈছে যেতিয়া ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কত উত্তেজনা বাঢ়িছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ টেৰিফ বৃদ্ধি কৰিছে, কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছে। আমেৰিকাৰ মতে, এই চাপ ৰাছিয়াক যুদ্ধৰ অৱসানৰ বাবে দিয়া হৈছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেন্স্কীয়েও অতি শীঘ্ৰেই ভাৰতলৈ আহিব পাৰে। ইউক্ৰেইনৰ ৰাজদূত অ’লেক্সাণ্দ্ৰ প’লিছচুকে আগষ্ট মাহত এই কথাৰ নিশ্চয়তা দিছিল। প’লিছচুকে কৈছিল যে, তাৰিখ নিৰ্ধাৰণৰ বাবে আলোচনা চলি আছে। যোৱা বছৰৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইন যাত্ৰা কৰি জেলেন্স্কীক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...