নোবেল বঁটা লাভৰ বাবে শেষ বাজি খেলিব ড’নাল্ড ট্ৰাম্পে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই বছৰৰ ন’বেল শান্তি পুৰস্কাৰ লাভৰ বাবে চূড়ান্ত পদক্ষেপ লৈছে। ইয়াৰ বাবে ট্ৰাম্পে নতুনকৈ প্ৰচেষ্টা আৰম্ভ কৰিছে। তেওঁৰ লক্ষ্য হৈছে গাজা যুদ্ধৰ অৱসান ঘটাই এই পুৰস্কাৰৰ ওপৰত দৃঢ় দাবী দাখিল কৰা। সোমবাৰে (২৯ ছেপ্টেম্বৰ) ৰাষ্ট্ৰপতি ট্ৰাম্পে গাজা যুদ্ধৰ বিৰতিৰ বিষয়ে এটা বৃহৎ বৈঠকৰ আয়োজন কৰিছে। বৈঠকৰ প্ৰস্তাৱ ইতিমধ্যে প্ৰস্তুত হৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুয়ে সন্মতি দিলেহে প্ৰস্তাৱটো হামাছৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব।

ট্ৰাম্পৰ চেষ্টা হৈছে গাজাত ১ অক্টোবৰৰ ভিতৰত যুদ্ধ বন্ধ কৰা। কাৰণ, ১০ অক্টোবৰত ছুইডেনৰ ন’বেল প্ৰতিষ্ঠানে এই বছৰৰ শান্তি পুৰস্কাৰ ঘোষণা কৰিব।

২০২৩ চনৰ অক্টোবৰৰ পৰা এতিয়ালৈকে গাজাত ৬৫ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে। ইউৰোপ আৰু আৰবৰ দেশসমূহে এই যুদ্ধৰ বাবে ইজৰাইলক দায়ী কৰিছে। ইজৰাইলে আমেৰিকাৰ প্ৰত্যক্ষ সমৰ্থন লাভ কৰিছে। শেহতীয়াকৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোনে ৰাষ্ট্ৰসংঘৰ বাহিৰত এক বক্তব্য দিছিল।

মেক্ৰোনৰ মতে, ট্ৰাম্পে যদি গাজা যুদ্ধ বন্ধ কৰিব পাৰে, তেন্তে তেওঁক ন’বেল পুৰস্কাৰ পাব। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে ইয়াৰ পিছত গাজাত শান্তি স্থাপনৰ প্ৰচেষ্টা কৰিছে। ইয়াৰ অংশ হিচাপে ইজৰাইলৰ প্ৰধানমন্ত্ৰীক হোৱাইট হাউছলৈ আমন্ত্ৰণ জনাইছে।

বেল শান্তি পুৰস্কাৰৰ যোগ্যতাৰ চৰ্ত

ন’বেল শান্তি পুৰস্কাৰ সেই সংস্থা বা ব্যক্তিক দিয়া হয়, যিয়ে ৰাষ্ট্ৰসমূহৰ মাজত বুজাবুজি বৃদ্ধি কৰা বা সেনাবাহিনীৰ সংঘৰ অৱসান বা হ্ৰাসত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ উপৰিও, উক্ত ব্যক্তি বা সংস্থাই শান্তি সন্মিলনৰ স্থাপন আৰু প্ৰসাৰত শ্ৰেষ্ঠ কাম কৰিছে।

ড’নাল্ড ট্ৰাম্পৰ দাবী যে, ৰাষ্ট্ৰপতি হোৱাৰ ৭ মাহমানৰ ভিতৰত তেওঁ সাতখন যুদ্ধ বন্ধ কৰিছে। যদিও ট্ৰাম্পে নিৰ্বাচনৰ পূৰ্বে যিসমূহ যুদ্ধ বন্ধ কৰাৰ কথা কৈছিল (ৰাছিয়া-ইউক্ৰেইন যুদ্ধ), সেয়া এতিয়ালৈকে বন্ধ কৰিবলৈ পৰা নাই।

ন’বেল শান্তি পুৰস্কাৰৰ বাবে কম্বোদিয়া আৰু পাকিস্তানৰ দৰে দেশে ট্ৰাম্পৰ নাম প্ৰস্তাৱ কৰিছে। ৰাষ্ট্ৰসংঘৰ বক্তৃতাৰ সময়তো ট্ৰাম্পে ন’বেল পুৰস্কাৰৰ বিষয়ে নিজৰ ইচ্ছা প্ৰকাশ কৰিছিল। ট্ৰাম্পৰ মতে, ৰাষ্ট্ৰসংঘৰ কাম তেওঁ কৰি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...