ইউক্ৰেইনত ৰাছিয়ান সেনাৰ বৃহৎ আক্রমণ! ৩ বছৰৰ ভিতৰত নিশা হোৱা আটাইতকৈ বৃহৎ আক্রমণ

ইউক্ৰেইনৰ ওপৰত সোমবাৰে নিশা ধৰি ৰাছিয়াৰ সেনাই তীব্র আক্রমণ চলাইছে। ইউক্ৰেইনৰ ৰাজধানী কিভতো ৰাছিয়াৰ বোমাৰু ড্র’নৰ আক্রমণ হৈছে। বিগত তিনি বছৰ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ভিতৰত এইটো এটা ৰাতিৰ ভিতৰত হোৱা অন্যতম বৃহৎ আক্রমণ বুলি দাবী কৰা হৈছে। ৰাছিয়াৰ ধাৰাবাহিক আক্রমণত কেৱল কিভতেই কমেও ১৫জনৰ মৃত্যু হৈছে বুলি খবৰ পোৱা গৈছে। আহত হৈছে আৰু বহু লোক। কিভে প্ৰত্যাক্রমণো কৰিছে। ৰাছিয়াই দাবী কৰিছে যে, ইউক্ৰেইনে পঠোৱা ১০০ৰো অধিক ড্র’ন ধ্বংস কৰা হৈছে।

কিভৰ লগতে ইউক্ৰেইনৰ বিভিন্ন চহৰত সোমবাৰে নিশাৰ পৰা ৰাছিয়াৰ সেনাই আক্রমণ চলাইছে। এটাই পিছত আনটো বোমাৰু ড্র’ন আৰু ক্ষেপণাস্ত্ৰ ইউক্ৰেইনত পৰিছে। কিভৰ স্ব-ৰাষ্ট্ৰমন্ত্ৰী ইহৰ ক্লাইমেঙ্কোৱে জনাইছে যে, সোমবাৰে নিশাৰ পৰা মঙলবাৰে পুৱাৰ ভিতৰত মুঠ ৪৪০খন ড্র’ন আৰু ৩২টা ক্ষেপণাস্ত্ৰৰ আক্রমণ তেওঁলোকৰ ওপৰত হৈছে। আনফালে, ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনাইছে যে, বিগত নিশা তেওঁলোকৰ আকাশ প্ৰতিৰক্ষা বিভাগে ১৪৭টা ইউক্রেনীয় ড্র’নৰ আক্রমণ প্ৰতিহত কৰি ধ্বংস কৰিছে।

বিবিচিৰ খবৰ অনুসৰি, সোমবাৰে নিশা ন ঘণ্টাতকৈও বেছি সময় ধৰি কিভৰ ওপৰত ৰাছিয়াৰ সেনাই এটাই পিছত আনটো আক্রমণ চলাইছে। নিজৰ সুৰক্ষাৰ বাবে কিভৰ লোকসকলে ভূগৰ্ভস্থ আশ্ৰয় কেন্দ্ৰত গৈ লুকাবলৈ বাধ্য হৈছিল। সাধাৰণতে, ৰাছিয়াৰ আক্রমণৰ সময়ত ইউক্ৰেইনৰ লোকসকলে ভূগৰ্ভস্থ ৰেল লাইন আৰু অন্যান্য স্থানত আশ্ৰয় লয়। বিবিচিৰ মতে, সোমবাৰে মধ্যৰাতিৰ পৰা মঙলবাৰৰ পুৱালৈকে কিভৰ লোকসকল এই ভূগৰ্ভস্থ আশ্ৰয় কেন্দ্ৰতেই আছিল।

কিভৰ কৰ্তৃপক্ষই জনাইছে যে, এটা ৯টা মহলাৰ ভৱনত বেলেষ্টিক ক্ষেপণাস্ত্ৰ পৰিছে। ইয়াৰ উপৰিও চহৰৰ মুঠ ২৭টা অঞ্চল ক্ষতিগ্ৰস্ত হৈছে। কিভৰ মেয়ৰ ভিতালি ক্লিতস্কোৱে জনাইছে যে, ৰাছিয়াৰ আক্রমণত নিহতসকলৰ ভিতৰত ৬৩ বছৰীয়া এজন আমেৰিকান নাগৰিকো আছে। সোমবাৰে নিশাৰ আক্রমণত ধ্বংসাৱশেষৰ তলত বহু লোক আৱদ্ধ হৈ পৰিছে বুলি আশঙ্কা কৰা হৈছে। ক্লাইমেঙ্কোৱে জনাইছে যে, আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰা হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ এই আক্রমণক ‘সন্ত্ৰাস’ৰ সৈতে তুলনা কৰিছে। তেওঁৰ দাবী, এইটো সন্ত্ৰাসৰ বাহিৰে একো নহয়। তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনকো লক্ষ্য কৰি কৈছে যে, কেৱল যুদ্ধ চলাই যোৱাৰ ক্ষমতা থকাৰ বাবেই পুটিনে এই আক্রমণ চলাইছে। বিশ্বৰ অন্য শক্তিশালী ৰাষ্ট্ৰসমূহে কিয় চকু মুদি আছে, তাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...