তালিবান চৰকাৰক স্বীকৃতি দিয়া বিশ্বৰ প্ৰথমখন দেশ ৰাছিয়া

প্ৰায় চাৰি বছৰ আগতে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পিছতো এতিয়ালৈকে কোনো দেশে তালিবান চৰকাৰক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাছিল। বৃহস্পতিবাৰে প্ৰথম দেশ হিচাপে ৰাছিয়াই তালিবান চৰকাৰক স্বীকৃতি প্ৰদান কৰে। ৰাছিয়াত তালিবানে নিযুক্তি দিয়া আফগান দূতকো মস্কোৰ অতিথি হিচাপে গ্ৰহণ কৰে ভ্লাদিমিৰ পুটিনৰ প্ৰশাসনে। সাম্প্ৰতিক ভূ-ৰাজনৈতিক পৰিস্থিতিত এইটো ক্ৰেমলিনৰ এক কৌশলী পদক্ষেপ বুলি বহুতে চৰ্চা কৰিছে।

২০২১ চনত আমেৰিকা আৰু পশ্চিমীয়া বিশ্বৰ সমৰ্থনপুষ্ট আফগান চৰকাৰৰ অপসাৰণৰ পিছত বিশ্বৰ বহু দেশত আফগান দূতাবাসৰ দুৱাৰ বন্ধ হৈ গৈছিল। তথাপিও এতিয়ালৈকে মস্কোৰ আফগান দূতাবাসৰ সন্মুখত আফগানিস্তানৰ তিনিৰঙী পতাকাই দেখা গৈছিল। বৃহস্পতিবাৰে ৰুছ সংবাদ সংস্থা ‘তাছ’ৰ খবৰ অনুসৰি, সেই পতাকা সলনি কৰি তালিবানৰ বগা পতাকা এই দূতাবাসত লগোৱা হৈছে। উল্লেখযোগ্য যে, এই বছৰৰ এপ্ৰিল মাহত ৰাছিয়াই তালিবানৰ পৰা ‘সন্ত্ৰাসবাদী’ আখ্যা প্ৰত্যাহাৰ কৰিছিল। তেতিয়াই জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল যে মস্কোয়ে তালিবান চৰকাৰক স্বীকৃতি দিবলৈ ওলাইছে।

বৃহস্পতিবাৰে ৰাছিয়াৰ বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এটা বিবৃতিত কোৱা হৈছে, “আমি বিশ্বাস কৰোঁ, আফগানিস্তানৰ চৰকাৰক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিলে দুয়োখন দেশৰ পাৰস্পৰিক বুজাবুজি আৰু উন্নয়নৰ গতি বৃদ্ধি পাব।” তালিবান চৰকাৰৰ ভাৰপ্ৰাপ্ত বিদেশমন্ত্ৰী আমিৰ খান মুত্তাকিয়ে ৰাছিয়াৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁ কয়, “আমাৰ (ৰাছিয়া আৰু আফগানিস্তান) ইতিহাসত এয়া এটা ডাঙৰ মাইলৰ খুঁটি হ’বলৈ গৈ আছে।” বৃহস্পতিবাৰে মস্কোত আয়োজিত এক অনুষ্ঠানত ৰাছিয়াৰ উপ-বিদেশমন্ত্ৰী আন্দ্ৰে ৰুডেঙ্কোৱে তালিবানৰ দূতৰ সৈতে সাক্ষাৎ কৰে।

আশীৰ দশকত আফগানিস্তানৰ ক্ষমতা দখলৰ দ্বন্দ্ব আৰু গৃহযুদ্ধৰ তিক্ত ইতিহাসৰ সৈতে ৰাছিয়া জড়িত আছিল। ১৯৮৯ চনত সৈন্য প্ৰত্যাহাৰৰ পিছত মস্কোৱে কাবুলৰ সৈতে দীৰ্ঘদিন দূৰত্ব বজাই ৰাখিছিল। কিন্তু তালিবানে কাবুলৰ ক্ষমতা দখল কৰাৰ পিছত আফগানিস্তানক কেন্দ্ৰ কৰি নতুন সম্পৰ্ক গঢ়ি উঠিছে। ইৰানৰ সৈতে আফগানিস্তানৰ প্ৰায় ৯০০ কিলোমিটাৰৰ সীমান্ত আছে, যাৰ বাবে বৰ্তমান পৰিস্থিতিত আফগানিস্তানৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

ভাৰতৰ দৰে বহু দেশে তালিবান চৰকাৰক আনুষ্ঠানিকভাৱে স্বীকৃতি নিদিলেও কাবুলৰ সৈতে যোগাযোগৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা নাই। তালিবান শাসিত আফগানিস্তানত মানৱাধিকাৰ উলংঘন আৰু মহিলাৰ ক্ষমতা খৰ্ব কৰাৰ বিষয়ে বাৰেবাৰে প্ৰশ্ন উত্থাপিত হৈছে। ৱাশ্বিংটনেও এই বিষয়সমূহৰ ওপৰত বাৰম্বাৰ প্ৰশ্ন তুলিছে। এনে পৰিপ্ৰেক্ষিতত ৰাছিয়াই বিশ্বৰ প্ৰথম দেশ হিচাপে তালিবানৰ আস্থা অৰ্জনৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি ধাৰণা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...