বন্ধু ৰুছিয়াই শুনিলে ভাৰতৰ কথা! ঘোষণা কৰা হ’ল যুদ্ধ বিৰতি

সাময়িক সকাহ! ৰুছিয়াৰ সামৰিক আগ্ৰাসনৰ পৰা কিছু সকাহ পালে ইউক্ৰেইনে। ৰুছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে শনিবাৰে যুদ্ধবিৰতি ঘোষণা কৰে যাতে মাৰিয়পোলৰ কৌশলগত বন্দৰ চহৰকে ধৰি দুখন অৱৰোধ কৰা চহৰৰ বাসিন্দাসকলক স্থানান্তৰিত কৰিব পৰা যায়।

মন্ত্ৰালয়ে কয়, “আজি ৫ মাৰ্চ তাৰিখে মস্কোৰ সময় মতে পুৱা ১০ বজাৰ পৰা ৰুছিয়াৰ পক্ষই যুদ্ধ বিৰতিত আছে আৰু মাৰিয়পোল, ভলনোভাকাৰ পৰা অসামৰিক লোকৰ প্ৰস্থানৰ বাবে মানৱীয় ক’ৰিডৰ মুকলি কৰে।”

ভাৰতে শুকুৰবাৰে ৰুছিয়া আৰু ইউক্ৰেইনক সংঘৰ্ষক্ষেত্ৰত যুদ্ধবিৰতি ঘোষণা কৰিবলৈ আহ্বান জনায় যাতে দেশখনে প্ৰায় ৩,০০০ ভাৰতীয় নাগৰিকক উলিয়াই আনিব পাৰে, বিশেষকৈ ইউক্ৰেইনৰ পূব চহৰ খাৰকিভ আৰু চুমিৰ পৰা, য’ত গোলাবর্ষণ আৰু তীব্ৰ যুঁজৰ বাবে চলাচল অসম্ভৱ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...