প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পূৰ্বে কৰাব লাগিব ক’ভিড পৰীক্ষা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাতৰ আগত আৰটি-পিচিআৰ পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে! সূত্ৰৰ খবৰ অনুসৰি, ক’ভিড পৰীক্ষাৰ ফল নিগেটিভ হ’লেহে প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ অনুমতি লাভ কৰিব।

শেহতীয়াকৈ ভাৰতত ক’ভিডে পুনৰ মূৰ দাঙি উঠিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ক’ভিড আক্ৰান্তৰ খবৰ পোৱা গৈছে। দিল্লীৰ ক’ভিড পৰিস্থিতিয়ে চিকিৎসকসকলক চিন্তাত পেলাইছে। এনে পৰিস্থিতিত মোদীৰ সৈতে সাক্ষাতৰ বাবে নতুন চৰ্ত প্ৰকাশ পাইছে। বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰীৰ বাসভৱনত দলীয় বিধায়ক আৰু সাতজন সাংসদৰ সৈতে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ মোদীৰ সৈতে সাক্ষাতৰ কথা। ইয়াৰ উপৰি সকলো ৰাজ্যৰ বিজেপি নেতৃত্বক নৈশ ভোজৰ আমন্ত্ৰণ জনোৱা হৈছে। মুঠতে প্ৰায় ৭০ জন বিজেপি নেতা-নেত্ৰী বুধবাৰে প্ৰধানমন্ত্ৰীৰ বাসভৱনত উপস্থিত হ’ব। কিন্তু তাৰ আগতে সকলোৱে ক’ভিড পৰীক্ষা কৰাব লাগিব।

উল্লেখ্য, ‘অপাৰেশ্যন সিন্দূৰ’ৰ পিছৰ পৰিস্থিতিত বিদেশৰ ‘প্ৰতিক্ৰিয়া’ পৰ্যালোচনাৰ বাবে মঙলবাৰে ৭টা বহুদলীয় প্ৰতিনিধিদলৰ সদস্যৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাসভৱনত নৈশভোজৰ আয়োজন কৰিছিল মোদীয়ে। ৰবিবাৰে সকলো দলে বিভিন্ন দেশ ভ্ৰমণ কৰি ভাৰতলৈ ঘূৰি আহিছিল। তেওঁলোকে কি ক’লে আৰু কি শুনি আহিল, তাৰ সাৰাংশ জানিবলৈ মোদীয়ে সেই প্ৰতিনিধিসকলৰ সৈতে কথা পাতিছিল। সেই নৈশভোজৰ পিছদিনাই ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰাৰ বিষয়টো প্ৰকাশ পাইছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৩০৬ গৰাকী নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে। ৬জনৰ মৃত্যু হৈছে। ৰাজধানী দিল্লীত বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্তৰ সংখ্যা ৬৬। কেন্দ্ৰই ক’ভিড পৰিস্থিতিৰ বাবে হাস্পতালসমূহক সতৰ্ক কৰি দিছে। পৰ্যাপ্ত অক্সিজেন, আইচ’লেশ্যন বেড, ভেন্টিলেটৰ আৰু প্ৰয়োজনীয় ঔষধৰ যোগান নিশ্চিত কৰাৰ নিৰ্দেশ ৰাজ্যসমূহক দিয়া হৈছে। যদিও চিকিৎসকসকলৰ মতে, এতিয়াই ভয় কৰাৰ দৰে পৰিস্থিতি সৃষ্টি হোৱা নাই। তথাপিও সকলোকে সতৰ্ক থাকিবলৈ পৰামৰ্শ দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...