নিৰাপত্তা বৃদ্ধি কৰা হ’ল RSS প্রধান মোহন ভাগৱতৰ

RSSপ্রধান মোহন ভাগৱতৰ নিৰাপত্তা বলয় বৃদ্ধি কৰা হৈছে। দেশত মোদী চৰকাৰ গঠনৰ পাছতেই বিজেপিৰ মাৰ্গদৰ্শক RSSৰ মুৰব্বীজনক দিয়া হৈছিল Z+ নিৰাপত্তা ব্যৱস্থা। এই বেষ্টনীৰ অংশ হিচাপে সকলো সময়তে ভাগৱতক ঘেৰি আছিল CISFৰ ৫৫গৰাকী কমাণ্ডোৰ এটা দলে। সমৰ কলা আৰু অস্ত্রচালনাত পাকৈত এই নিৰাপত্তাৰক্ষীৰ দল। এতিয়া এই কমাণ্ডোৰ ঠাইত ভাগৱতৰ নিৰাপত্তাৰ দায়িত্ব ল’ব NSG অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী বাহিনীক।সংঘপ্ৰধান ভাগৱতৰ হেলিকপ্টাৰ যাত্ৰাৰ সময়তো নিৰাপত্তাৰ দায়িত্ব থাকিব NSD

সাধাৰণতে প্রধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বাবে থাকে ৩ তৰপীয়া ASL অৰ্থাৎ এডভান্সড ছিকিউৰিটী লিয়েশ্যন ব্যৱস্থা। এই ব্যৱস্থাত নিৰাপত্তাৰ দায়িত্বত থাকে NSG অৰ্থাৎ নেশ্যনেল ছিকিউৰিটী গাৰ্ড। প্ৰধানমন্ত্ৰী মোদী-শ্বাহৰ দৰে একে নিৰাপত্তা ব্যৱস্থা মোহন ভাগৱতক কিয়?

শেহতীয়াকৈ নাগপুৰৰ RSSৰ মুখ্য কাৰ্যালয়ৰ প্রতি ভাবুকি বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই কাৰ্যালয়তো নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। অহা বছৰ RSSৰ শতবৰ্ষপূৰ্তি উপলক্ষে ভাগৱতে সমগ্র দেশ ভ্ৰমণ কৰিব। সেয়ে কেন্দ্রীয় চৰকাৰে তাৰ পূৰ্বে তেওঁৰ নিৰাপত্তা অধিক কটকটীয়া কৰি তুলিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...