নিৰাপত্তা বৃদ্ধি কৰা হ’ল RSS প্রধান মোহন ভাগৱতৰ

RSSপ্রধান মোহন ভাগৱতৰ নিৰাপত্তা বলয় বৃদ্ধি কৰা হৈছে। দেশত মোদী চৰকাৰ গঠনৰ পাছতেই বিজেপিৰ মাৰ্গদৰ্শক RSSৰ মুৰব্বীজনক দিয়া হৈছিল Z+ নিৰাপত্তা ব্যৱস্থা। এই বেষ্টনীৰ অংশ হিচাপে সকলো সময়তে ভাগৱতক ঘেৰি আছিল CISFৰ ৫৫গৰাকী কমাণ্ডোৰ এটা দলে। সমৰ কলা আৰু অস্ত্রচালনাত পাকৈত এই নিৰাপত্তাৰক্ষীৰ দল। এতিয়া এই কমাণ্ডোৰ ঠাইত ভাগৱতৰ নিৰাপত্তাৰ দায়িত্ব ল’ব NSG অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী বাহিনীক।সংঘপ্ৰধান ভাগৱতৰ হেলিকপ্টাৰ যাত্ৰাৰ সময়তো নিৰাপত্তাৰ দায়িত্ব থাকিব NSD

সাধাৰণতে প্রধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বাবে থাকে ৩ তৰপীয়া ASL অৰ্থাৎ এডভান্সড ছিকিউৰিটী লিয়েশ্যন ব্যৱস্থা। এই ব্যৱস্থাত নিৰাপত্তাৰ দায়িত্বত থাকে NSG অৰ্থাৎ নেশ্যনেল ছিকিউৰিটী গাৰ্ড। প্ৰধানমন্ত্ৰী মোদী-শ্বাহৰ দৰে একে নিৰাপত্তা ব্যৱস্থা মোহন ভাগৱতক কিয়?

শেহতীয়াকৈ নাগপুৰৰ RSSৰ মুখ্য কাৰ্যালয়ৰ প্রতি ভাবুকি বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই কাৰ্যালয়তো নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। অহা বছৰ RSSৰ শতবৰ্ষপূৰ্তি উপলক্ষে ভাগৱতে সমগ্র দেশ ভ্ৰমণ কৰিব। সেয়ে কেন্দ্রীয় চৰকাৰে তাৰ পূৰ্বে তেওঁৰ নিৰাপত্তা অধিক কটকটীয়া কৰি তুলিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...