স্মাৰ্ট চিটীৰ নামত ব্যয় হ’ল ৮০২ কোটি

প্ৰহসন! স্মাৰ্ট চিটীৰ নামত ব্যয় হ’ল ৮০২ কোটি
উপেক্ষিত হৈ ৰ’ল মূল সমস্যা
স্মাৰ্ট চিটীৰ প্ৰকল্পই আজিলৈকে নুচুলে কৃত্ৰিম বানক

২০১৬ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্মাৰ্ট চিটী প্ৰকল্পৰ তালিকাত স্থান দিয়া গুৱাহাটী মহানগৰীত বিগত ৮ বছৰত ব্যয় হ’ল ৮০২ কোটি টকা। ১৪টাকৈ প্ৰকল্পৰ নামত ব্যয় হ’ল এই ধন।

ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্ধন, ইলেকট্ৰিক বাছ ক্ৰয়, ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম, LED লাইট ক্ৰয়, কলাক্ষেত্ৰৰ সৌন্দৰ্যবৰ্ধনকে ধৰি ১৪টা প্ৰকল্পৰ নামত খৰচ হ’ল ৮০২ কোটি টকা। কিন্তু উপেক্ষিত হৈ ৰ’ল গুৱাহাটী মহানগৰীৰ মূল সমস্যা কৃত্ৰিম বান। যাৰ ফলত এতিয়া ভোগ কৰিছে মহানগৰবাসীয়ে। তাৰ মাজতে কোনোবা জনপ্ৰতিনিধিৰ মুখত ক’লা পানী, ৰঙা পানীৰ কথা। আন কাৰোবাৰ মুখত মেঘালয়ৰ পানীৰ কথা।

যদি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে মেঘালয়ৰ পৰা নামি অহা পানীয়ে মহানগৰীৰ কৃত্ৰিম বানক অধিক ভয়াৱহ কৰিছে তেন্তে সেই সমস্যাৰ সমাধান কিয় নহ’ল আজিলৈকে? কিয় স্মাৰ্ট চিটীৰ প্ৰকল্পত নোসোমাল কৃত্ৰিম বানৰ সমস্যাৰ সমাধানৰ কথা? সৌন্দৰ্যবৰ্ধন আগত নে কৃত্ৰিম বানৰ সমস্যা আগত? উল্লেখ্য যে, বৃহস্পতিবাৰে NKTVৰ তৰফৰ পৰা মেঘালয়ৰ পৰা নামি অহা পানীৰ মূল নলাটোৰ উৎস বিচাৰি চলোৱা হৈছিল অভিযান।

খানাপাৰাৰ পৰা অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ মাজেৰে যোৱা এই কোটি টকীয়া নলা ক্ৰমাৎ সৰু আৰু বাম হৈ গৈছে হাঁহ-কুকুৰা আৰু পশুপালন বিভাগৰ চৌহদত। যাৰ বাবে পাঞ্জাবাৰী, জুৰিপাৰকে ধৰি কলাক্ষেত্ৰৰ আশে–পাশে থকা অঞ্চলসমূহত কৃত্ৰিম বানৰ বিভীষিকা নমাই আনে এই নলাই।

এতিয়া প্ৰশ্ন হয়, মেঘালয়ৰ পৰা নামি অহা পানীয়ে যদি এই সৰু–ঠেক নলাৰে আহি গুৱাহাটীত কৃত্ৰিম বান ভয়াৱহ কৰি তোলে, তেন্তে কিয় আজিলৈকে এই নলা পৰিকল্পিতভাৱে নিৰ্মাণ কৰা নহ’ল? স্মাৰ্ট চিটীৰ নামত সৌন্দৰ্যবৰ্ধনৰ পৰিৱৰ্তে কিয় এইবোৰ কথাত গুৰুত্ব দিয়া নহ’ল আজিলৈকে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...