IPL ২০২৪ৰ পৰা বাহিৰ হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

সপোন বাস্তৱ নহ’ল বিৰাট কোহলিৰ RCBৰ
IPL ২০২৪ৰ পৰা বাহিৰ হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু
ফাইনেলৰ ৰণৰ বাবে এখোজ আগুৱালে ৰাজস্থান ৰয়েলছ
ELIMINATORত ৰিয়ানৰ চমকপ্ৰদ প্ৰদৰ্শন

আহেমদাবাদত প্লে অফত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় প্ৰদৰ্শন। ৪ উইকেটত দৰ্শনীয় প্ৰদৰ্শনেৰে IPL ২০২৪ৰ পৰা বাহিৰ কৰিলে শক্তিশালী ছন্দত থকা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলক। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ মেচত শেষ হাঁহি মাৰিলে সঞ্জু ছেমচনৰ দলে। টছত জয়লাভ কৰি প্ৰথমে বল ধৰাৰ নিৰ্ণয় লয় ৰাজস্থানে। RCBয়ে নিৰ্ধাৰিত ২০ অভাৰত ১৭২ ৰান অৰ্জন কৰে। অশ্বিন আৰু আভেছ খানে ৰাজস্থানৰ হৈ চমপ্ৰদ বলিং কৰে। ১৭৩ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৫০ ৰানৰ ভিতৰত ১টা উইকেট হেৰুৱাই যদিও যশস্বী জয়ছোৱালৰ ৩০ বলত ৪৫ ৰান আৰু অসম তনয় ৰিয়ান পৰাগৰ ২৬ বলত ৩৬ ৰানৰ ইনিংছৰ সহায়ত মেচখনত জয়লাভ কৰে ৰাজস্থান ৰয়েলছ। বিশেষকৈ ৪ নম্বৰত আহি উচ্চ চাপৰ মাজত ৰিয়ানে খেলা ৩৬ ৰানৰ ইনিংছে দৃষ্টি আকৰ্ষণ কৰে ক্ৰিকেট সমালোচক আৰু অনুৰাগীসকলৰ। ELIMINATORত ৩৬ ৰানৰ ইনিংছৰ সহায়ত

অৰেঞ্জ কেপৰ দৌৰত তৃতীয় স্থানত উপনীত ৰিয়ান
ৰিয়ানৰ প্ৰদৰ্শনক প্ৰশংসা টম মুডি আৰু অশ্বিনৰ
১৫খন মেচত ৰিয়ানে চলিত IPLত অৰ্জন কৰিছে ৫৬৭ ৰান
IPLৰ ইতিসাহত ৪নং স্থানত কোনো বেটাৰৰ এয়াই সৰ্বাধিক ৰান

৪ নম্বৰত IPLৰ এটা ছিজনত সৰ্বাধিক ৰান অৰ্জন কৰা বেটাৰৰ অভিলেখৰ শীৰ্ষত অসম সন্তান। ইয়াৰ পূৰ্বে ২০১৮ৰ IPLত ৪ নম্বৰত বেট ধৰি ঋষভ পন্টে অৰ্জন কৰিছিল ৫৪৭ ৰান। ২০১৩ত বৰ্তমানৰ ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই ৪৯৯ ৰান অৰ্জন কৰিছিল। ELIMINATORত জয়লাভ কৰাৰ পিছত এতিয়া চেন্নাই লৈ উৰা মাৰিব ৰাজস্থানে। শুকুৰবাৰে ৭.৩০ বজাত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে কোৱালিফায়াৰ 2ত প্ৰতিদ্বন্দিতা আগবঢ়াব ৰাজস্থানে। ট্ৰেভিছ হেড, অভিষেক শৰ্মাৰ দৰে বেটাৰ থকা SRHৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব ৰাজস্থান ৰয়েলছ। জয়লাভ কৰা দলে লাভ কৰিব ফাইনেলৰ টিকট।

২৬ মে’ত চেন্নাইৰ চেপক ষ্টেডিয়ামত হ’ব IPL ২০২৪ৰ ফাইনেল
কোৱালিফায়াৰ 2ত জয়লাভ কৰা দলে কলকাতাৰ লগত খেলিব ফাইনেলৰ মহাৰণ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ বক্সাৰৰ প্ৰত্যাশিত আৰম্ভণি

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

ডিব্ৰুগড় থানাৰ একেটা লকআপত ৰাজ্যৰ দুই চৰ্চিত মহিলা

ডিব্ৰুগড় সদৰ থানাৰ একেটা লক আপৰ আলহী হ’লগৈ দুটা...

সোণাপুৰক লৈ কোনে খেলিছে পাশাখেল?

ৰক্তাক্ত হৈ পৰিল সোণাপুৰৰ কচুতলী। বেদখলকাৰী আৰু আৰক্ষীৰ মাজত...

গুলী বাৰুদৰ শব্দই পুনৰ কঁপাইছে কাশ্মীৰ উপত্যকা

বাৰমুল্লাৰ পিছত পুঞ্চত সন্ত্ৰাসবাদীৰে সেনাৰ সংঘৰ্ষদেওবাৰে পুৱাৰে পৰা ধাৰাষাৰ...