যোৰহাটত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী

বিজেপি, অগপ, কংগ্ৰেছৰ নেতা কৰ্মী সহ শতাধিক লোকৰ যোগদান

কবিতা লিখি চৰকাৰী ষড়যন্ত্ৰৰ বলি হোৱা বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰো ৰাইজৰ দলত যোগদান

ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আজি যোৰহাটৰ মহাপুৰুষ শংকৰদেৱ কলা কৃষ্টি আৰু গৱেষণা কেন্দ্ৰত ৰাজহুৱা সভাৰ লগতে এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ সভাপতি ডঃ প্ৰদীপ সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ লগতে কেন্দ্ৰীয় সম্পাদক প্ৰবীণ দাস, কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ সম্পাদক তথা জিলা পৰ্যবেক্ষক দেবাংগ সৌৰভ গগৈ, জাতীয় যুৱ বাহিনীৰ কাৰ্যকৰী সভাপতি সৌৰভ বৰা, জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক সুব্ৰত দত্ত, জাতীয় নাৰী বাহিনীৰ উপ সভানেত্ৰী অনুৰাধা বৰচেতিয়াৰ লগতে জিলা আৰু সমষ্টি সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

সভাখনত মুখ্য অতিথি হিছাপে অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে অসম খনক সৰ্বতোপ্ৰকাৰে আগুৱাই নিবলৈ ৰাইজৰ দল অংগীকাৰবদ্ধ। তেখেতে ভাষণ প্ৰসংগত অন্ধবিশ্বাসৰ পৰা মুক্ত হৈ জাতিটোক প্ৰকৃত অৰ্থত আগুৱাই নিবলৈ সংঘবদ্ধ হোৱাৰ কথা উল্লেখ কৰে। তেখেতে কেৱল চৰকাৰী আঁচনিৰ বাবে অপেক্ষা কৰি নাথাকি সৰু সৰু অৰ্থনৈতিক প্ৰকল্পৰে অসম খনক সমৃদ্ধ কৰাৰ পোষকতা কৰে। ৰাইজৰ দলৰ সম্পাদক প্ৰবীণ দাস, জিলা সমিতিৰ উপদেষ্টা বিশিষ্ট চিকিৎসক ডাঃ গোলাপ ডেকা, ৰাইজৰ দলৰ নেত্ৰী গীতা খনিকৰ আৰু উপ সভাপতি প্ৰকাশ বৰুৱায়ো সাৰগৰ্ভ ভাষণ প্ৰদান কৰে।

উক্ত অনুষ্ঠানতে ৰাইজৰ দলৰ নীতি-আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি বিজেপি, অগপ আৰু কংগ্ৰেছ দলৰ লগতে যোৰহাট জিলাৰ মৰিয়নি, টিয়ক, তিতাবৰ আৰু যোৰহাট সমষ্টিৰ পৰা সৰ্বমুঠ ১৬০ গৰাকী লোকে ৰাইজৰ দলত যোগদান কৰে। উল্লেখযোগ্য যে কবিতা লিখি চৰকাৰৰ ৰোষত পৰা টিয়কৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়েও আজি ৰাইজৰ দলত যোগদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...