দুৰ্ঘটনাত পতিত ৰ’নাল্ডোৰ ১৬ কোটি টকীয়া ছুপাৰ কাৰ

0 40

তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ বিলাসী বাহনৰ দুৰ্ঘটনা। চূৰ্ণ বিচূৰ্ণ ১৬ কোটিটকীয়া বাহন। স্পেইনত দুৰ্ঘটনাগ্ৰস্ত হয় তাৰকা ফুটবলাৰজনৰ বিলাসী বাহনখন। স্পেইনৰ স্থানীয় সময় অনুসৰি দিনৰ প্ৰায় ১১ বজাত দুৰ্ঘটনাটো সংঘটিত হৈছিল। জানিব পৰা মতে, বাহনখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

পৰ্টুগ্ৰীজ ফুটবলাৰজনে অৱসৰ বিনোদনৰ বাবে স্পেইনলৈ গৈছিল। আৰু তেতিয়াই তেওঁৰ বিলাসী বাহনখন দুৰ্ঘটনাত পতিত হয়। অৱশ্যে দুৰ্ঘটনাটো ৰ’নাল্ডোৰ দ্বাৰা হোৱা নাই। তেওঁৰ দেহৰক্ষীৰ দ্বাৰাহে ঘটনাটো সংঘটিত হৈছে। জানিব পৰা মতে, বাহনখনত থকা কোনো এজন ব্যক্তিও আঘাতপ্ৰাপ্ত হোৱা নাই। নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে এটা ঘৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনাটোত ৰ’নাল্ডো ছুপাৰ কাৰখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। সুখৰ খবৰটো এইটোৱেই যে, ঘটনাটো সংঘটিত হোৱাৰ সময়ত তাৰকা ফুটবলাৰজন গাড়ীখনত নাছিল। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি তাৰকা ফুটবলাৰজন ১০ দিনৰ বাবে স্পেইনলৈ গৈছিল আৰু তেওঁৰ লগত তেওঁৰ পত্নী আৰু সন্তানো গৈছে।

Leave A Reply

Your email address will not be published.