ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তক হিমন্ত বিশ্ব শৰ্মাৰ ২৫টা নিৰ্দেশ

ৰাজ্যৰ চৌদিশে এতিয়া প্ৰলংকৰী বান। হাহাকাৰ লাগিছে বন্যাৰ্তৰ। ইয়াৰ মাজতে অধিক তত্পৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰতিখন জিলাৰ উপায়ুক্তকে দিছে নিৰ্দেশ।

হিমন্ত বিশ্ব শৰ্মাই সকলো জিলা উপায়ুক্তকে দিয়া নিৰ্দেশসমূহ :

📌 বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ ২৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশ
📌 বান শিবিৰতেই নহয়, য’তেই বান তাতে পাব লাগিব খাদ্য
📌 প্ৰয়োজনত উপায়ুক্তই খাদ্য ৰান্ধিও খুৱাব লাগিব বন্যাৰ্তক
📌 গৰ্ভৱতী মহিলাক হাস্পতাললৈ অনাৰ দায়িত্ব স্বাস্থ্য বিভাগৰ
📌 টকাৰ অভাৱ হ’লে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি, SOPDৰ পৰা লওক ধন
📌 আবদ্ধ লোকক উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰক সেনা, NDRF, SDRF, বায়ুসেনা
📌 দিনে-নিশাই হাস্পতালত থাকিব লাগিব চিকিৎসক
📌 প্ৰতিটো বানাক্ৰান্ত অঞ্চললৈ যাব লাগিব স্বাস্থ্য বিভাগৰ কৰ্মী
📌 আশ্ৰয় শিবিৰলৈ গৈ বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ বুজ লওক উপায়ুক্তই
📌 প্ৰয়োজন সাপেক্ষে শিবিৰতে নিশা কটাওক উপায়ুক্ত, চৰকাৰী বিষয়াই
📌 চিকিৎসা মহাবিদ্যালয় সমূহে স্থাপন কৰক স্বাস্থ্য শিবিৰ
📌 জিলাৰ সহায় লৈ হ’লেও বানাক্ৰান্ত অঞ্চলত যোগান ধৰক পশু খাদ্য
📌 ক্ষতিগ্ৰস্তক সহায় কৰিবলৈ DCএ নিজেই ব্যৱস্থা ল’ব পাৰিব
📌 ক্ষতিগ্ৰস্তক সহায়ৰ বাবে দিছপুৰৰ কোনো অনুমতি ল’ব নালাগে
📌 ক্ষতিপূৰণৰ তালিকা প্ৰস্তুত কৰোঁতে এমাহ ল’ব নোৱাৰিব চৰকাৰী বিষয়াই
📌 বান কমাৰ লগে লগে দাখিল কৰিব লাগিব ক্ষতিগ্ৰস্তৰ তালিকা
📌 অহা ২–৩ দিনলৈ নিজ নিজ জিলাত থাকিব লাগিব অভিভাৱক মন্ত্ৰীসকল
📌 উপায়ুক্তক সহায়ৰ বাবে যিমান মানুহ লাগে যুদ্ধকালীনভাৱে পঠোৱা হ’ব
📌 বৰাকত হেলিকপ্টাৰেৰে যোগান ধৰা হ’ব পেট্ৰ’ল-ডিজেল
📌 হেলিকপ্টাৰেৰে বৰাকলৈ প্ৰেৰণ কৰা হ’ব খাদ্য-সামগ্ৰী
📌 বৰাক উপত্যকাত সকলো ধৰণৰ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
📌 ২৬ জুনৰ পৰা হাফলঙৰ পৰা শিলচৰলৈ মুকলি হ’ব ৰে’ল চলাচল
📌 বন্ধ পথ খুলিবলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰে যোগাযোগ অব্যাহত
📌 ১২ জুলাইৰ ভিতৰত গুৱাহাটীৰ পৰা হাফলঙলৈ চলিব ৰে’ল

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জ্যোতি চিত্ৰবনত কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ MOTION POSTER

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে এখন নতুন অসমীয়া ছবি ‘NRC...

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...