নতুন ইতিহাস গঢ়িলে ভাৰতৰ টেনিছ তাৰকা ৰোহণ বাপান্নাই

আটাইতকৈ অধিক বয়সত টেনিছ বিশ্বত ১নং স্থানত বহিল ভাৰতীয় খেলুৱৈজন
অষ্ট্ৰেলিয়া অপেনৰ ডাবল্ছৰ ছেমিত প্ৰৱেশ কৰাৰ লগে লগে এই কীৰ্তি ৰোহণৰ
ডাবল্ছ ৰেংকিঙৰ শীৰ্ষ স্থানত ৪৩ বছৰীয়া ৰোহণ বোপান্না

টেনিছ বিশ্বত এই নতুন কীৰ্তিমান ৰচনা কৰিলে ভাৰতীয় টেনিছৰ বৃদ্ধ খেলুৱৈ ৰোহণ বোপান্নাই। অষ্ট্ৰেলিয়ান অপেনৰ কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাৰ যুটি মেক্সিম’ গ’ঞ্জালেজ–এণ্ড্ৰিজ মলটেনিক বুধবাৰে পৰাভূত কৰে মেথিউ এবডেনৰ সৈতে যুটি বান্ধে ৰোহণ বোপান্নাই। ছেমি ফাইনেলত প্ৰৱেশৰ সুবাদত বোপান্নাই টেনিছ বিশ্বত পুৰুষৰ ডাবল্ছ ৰেংকিঙত শীৰ্ষ স্থান অধিকাৰ কৰিলে। টেনিছৰ ৰেংকিং অহা সপ্তাহত আপডেট কৰাৰ লগে লগে ৪৩ বছৰীয়া বোপান্না আনুষ্ঠানিকভাৱে ৰেংকিঙৰ শীৰ্ষ স্থানত বহা আটইতকৈ বয়সীয়া খেলুৱৈ হিচাপে চিহ্নিত হ’ব। আনহাতে বোপান্নাৰ সহযোগী এবডেন হ’ব ডাবল্ছ ৰেংকিঙত ২য় স্থানত থকা খেলুৱৈ।

যোৱা বছৰ বোপান্নাই গঢ়িছিল আন এক অভিলেখ
কোনো গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰা আটাইতকৈ বয়সীয়া খেলুৱৈ হৈছিল বোপান্না
ইউ এছ অপেনৰ ফাইনেলত পৰাভূত হৈছিল বোপন্না-এবডেন যুটি

উল্লেখ্য যে, ১৭বাৰকৈ অষ্ট্ৰেলিয়ান অপেন টেনিছ খেলি প্ৰথমবাৰলৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৰোহণ বোপান্না। ইয়াৰ পূৰ্বে যুক্তৰাষ্ট্ৰৰ ৩৮ বছৰীয়া ৰাজীৱ ৰামে ২০২২ চনত লাভ কৰিছিল ডাবল্ছ ৰেংকিঙৰ শীৰ্ষ স্থান।

লিয়েণ্ডাৰ পেজ, মহেশ ভূপাতি, ছানিয়া মিৰ্জাৰ পিছত ডাবল্ছৰ শীৰ্ষ ৰেংকিঙতো ৪ৰ্থ ভাৰতীয় খেলুৱৈ বোপান্না
মাষ্টাৰ্ছ 1000 টেনিছৰ ডাবল্ছত খিতাপ জয় কৰা আটাইতকৈ বয়সীয়া খেলুৱৈৰ অভিলেখো আছে বোপান্নাৰ
পূৰ্বে ২০১৩ চনত বিশ্ব টেনিছৰ ডাবল্ছত ৩নং স্থানত উপবিষ্ট হৈছিল বোপান্না

গ্ৰেণ্ড শ্লেম টুৰ্নামেণ্টৰ পুৰুষৰ ডাবল্ছত কোনো ট্ৰফী নিজিকিলেও ২০১৭ৰ ফৰাচী অপেনৰ মিক্স্ড ডাবল্ছত খিতাপ জয় কৰিছিল বোপান্নাই। ৰেংকিং নিশ্চিত হোৱাৰ পিছতে বোপান্নাই কয়– তেওঁ খেল অব্যাহত ৰখাৰ চিন্তা কৰিছে আৰু বৰ্তমান সময়ত টেনিছ খেল তেওঁ উপভোগ কৰি আছে। ৰোহন বোপান্নালৈ থাকিল আমাৰ অনেক শুভেচ্ছা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...