মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি খেদি জালুকবাৰীত গ্ৰেপ্তাৰ ডকাইতকেইটাক। এখন HUNDYAI বাহনেৰে গুৱাহাটীলৈ আহিছিল ৪ জনীয়া ডকাইতৰ দল। দিছপুৰৰ SOG টিমে ছয়মাইলৰ পৰা খেদি খেদি জালুকবাৰী আৰক্ষীক খবৰ দিছিল। DCP বলীন দেউৰীৰ নেতৃত্বত জালুকবাৰী আৰক্ষীয়ে কৰায়ত্ত কৰে দলটোৰ ৩ সদস্যক। আনহাতে বাহনখনত অহা ৪ জনীয়া দলটোৰ এজন পলাবলৈ সক্ষম হয়।
ডকাইতৰ দলটোৰ পৰা উদ্ধাৰ কেইবা লাখ নগদ ধন, ডকাইতি কাণ্ডত ব্যবহৃত সামগ্ৰী, মোবাইল ফোন। দুধৰ্ষ ৩ ডকাইত ক্ৰমে ইউচুফ আলি, ইক্রামূল ইছলাম আৰু ৰেকিবুল ইছলাম।
