বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত লোকৰ সন্ধানত অভিযান চলায়। বৰপেটা জিলাৰ ৯টা পৃথক স্থানত পুৱাৰে পৰা চলোৱা এই অভিযানত মুঠ ৬জন লোকক আটক কৰা হৈছে।

‘পূৰ্ব আকাশ’ নামৰ টেলিগ্ৰাম গোটৰ সৈতে জড়িতৰ অভিযোগত বৰপেটাৰ হাউলীত চলোৱা অভিযানত ৰকিবুল ইছলাম নামৰ এজনক আটক কৰে NIA-এ। হাউলীৰ যশিহাটীপাৰা গাঁৱৰ বাসিন্দা ৰকিবুলক নিশা প্ৰায় ৩ বজাত নিজ গৃহৰ পৰা আটক কৰা হয়। বৰ্তমান হাউলী থানাত NIAৰ দলে তেওঁক সোধা-পোছা অব্যাহত ৰাখিছে।

জানিব পৰা মতে, ৰকিবুল ইছলাম দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশৰ দাপৰিজুত আছিল আৰু তাত মুৰ্গীৰ ব্যৱসায় কৰিছিল। প্ৰায় ১৫ দিন পূৰ্বে তেওঁ নিজ গৃহলৈ উভতি আহিছিল। অভিযানকালত তেওঁৰ পৰা তিনিটা মোবাইল ফোন আৰু কেইবাখনো ATM কাৰ্ড জব্দ কৰা বুলি জানিব পৰা গৈছে।

ইফালে, বৰপেটাৰ সৰভোগতো NIA-এ অভিযান চলাই তিনিজন লোকক আটক কৰে। আটকাধীন লোককেইজন হৈছে ফাৰুক আব্দুল্লা, জাকিৰ হুছেইন আৰু চান্দবৰ আলী। তেওঁলোকৰ ঘৰ বগৰিগুৰী পথাৰত বুলি জানিব পৰা গৈছে।

আনহাতে, বৰপেটাৰোডতো NIAৰ দলে অভিযান চলাই জেহাদী কাৰ্যকলাপৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত দুজন লোকক আটক কৰে। আটকাধীন লোক দুজন হৈছে নিছুখাৰ য়াকুব আলী আৰু আজাদ নগৰৰ মোস্তাফিজুৰ ৰহমান দুয়োকে বৰপেটাৰোড থানালৈ লৈ যোৱা হয় আৰু বৰ্তমান থানাখনতে NIAৰ দলে দুয়োকে জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে বৰপেটা জিলাৰ ৯টা পৃথক স্থানত একেলগে চলোৱা এই অভিযানক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযান আৰু জেৰাৰ জৰিয়তে NIA-এ কি তথ্য লাভ কৰিছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...

বানত ডুবিল বেংকক, থমকি নৰ’ল জীৱন। পানীৰ মাজতেই বেংককৰ ৰাজপথত ভাসমান বজাৰ

বানত বিধ্বস্ত বেংককৰ ৰাজপথ এতিয়া পানীৰ তলত। কিন্তু বানপানীৰ মাজতো...