বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত লোকৰ সন্ধানত অভিযান চলায়। বৰপেটা জিলাৰ ৯টা পৃথক স্থানত পুৱাৰে পৰা চলোৱা এই অভিযানত মুঠ ৬জন লোকক আটক কৰা হৈছে।

‘পূৰ্ব আকাশ’ নামৰ টেলিগ্ৰাম গোটৰ সৈতে জড়িতৰ অভিযোগত বৰপেটাৰ হাউলীত চলোৱা অভিযানত ৰকিবুল ইছলাম নামৰ এজনক আটক কৰে NIA-এ। হাউলীৰ যশিহাটীপাৰা গাঁৱৰ বাসিন্দা ৰকিবুলক নিশা প্ৰায় ৩ বজাত নিজ গৃহৰ পৰা আটক কৰা হয়। বৰ্তমান হাউলী থানাত NIAৰ দলে তেওঁক সোধা-পোছা অব্যাহত ৰাখিছে।

জানিব পৰা মতে, ৰকিবুল ইছলাম দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশৰ দাপৰিজুত আছিল আৰু তাত মুৰ্গীৰ ব্যৱসায় কৰিছিল। প্ৰায় ১৫ দিন পূৰ্বে তেওঁ নিজ গৃহলৈ উভতি আহিছিল। অভিযানকালত তেওঁৰ পৰা তিনিটা মোবাইল ফোন আৰু কেইবাখনো ATM কাৰ্ড জব্দ কৰা বুলি জানিব পৰা গৈছে।

ইফালে, বৰপেটাৰ সৰভোগতো NIA-এ অভিযান চলাই তিনিজন লোকক আটক কৰে। আটকাধীন লোককেইজন হৈছে ফাৰুক আব্দুল্লা, জাকিৰ হুছেইন আৰু চান্দবৰ আলী। তেওঁলোকৰ ঘৰ বগৰিগুৰী পথাৰত বুলি জানিব পৰা গৈছে।

আনহাতে, বৰপেটাৰোডতো NIAৰ দলে অভিযান চলাই জেহাদী কাৰ্যকলাপৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত দুজন লোকক আটক কৰে। আটকাধীন লোক দুজন হৈছে নিছুখাৰ য়াকুব আলী আৰু আজাদ নগৰৰ মোস্তাফিজুৰ ৰহমান দুয়োকে বৰপেটাৰোড থানালৈ লৈ যোৱা হয় আৰু বৰ্তমান থানাখনতে NIAৰ দলে দুয়োকে জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে বৰপেটা জিলাৰ ৯টা পৃথক স্থানত একেলগে চলোৱা এই অভিযানক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযান আৰু জেৰাৰ জৰিয়তে NIA-এ কি তথ্য লাভ কৰিছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙক ‘গ্ৰেণ্ড মাষ্টাৰ ৯ম ডান’ সন্মান গ্ল’বেল ট্ৰেডিচনেল তাইকোৱাণ্ডো ফেডাৰেচনৰ

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙক গ্ল’বেল ট্ৰেডিচনেল তাইকোৱাণ্ডো ফেডাৰেচনে...

পাকিস্তানৰ বেলুচিস্তানত সামৰিক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ নাগৰিকৰ মৃত্যু

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত পৃথক পৃথক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ...