ৰাজস্থান ৰয়েলছে চলিত আই পি এলৰ প্ৰথম পাঁচখন মেচৰ তিনিখনত পৰাস্ত হোৱাৰ পাছত দলত অভিজ্ঞ ক্ৰিকেটাৰৰ অভাৱ তথা নৱাগত খেলুৱৈৰ ওপৰত অত্যাধিক বিশ্বাস ৰখা বিষয়টোৱে চৰ্চা লাভ কৰিছে৷ কিন্তু আজি এই অভিযোগ খণ্ডন কৰি দলৰ অধিনায়ক সঞ্জু ছেমছনে কয় ‘আমাৰ দলটো যুৱ খেলুৱৈৰে গঠিত বুলি যি চৰ্চা ক্ৰিকেট মহলত হৈছে সেয়া বাস্তৱত ভিত্তিহীন৷ হয়, বয়সৰ ফালৰ পৰা চাব গ’লে দলটো নৱাগত৷ কিন্তু প্ৰতিজনে আন্তৰ্জাতিক ক্ৰিকেট খেলা লগতে আই পি এলৰো অভিজ্ঞ খেলুৱৈ৷ সফলতাই এনে সমালোচনাক উচিত উত্তৰ দিব৷’
উল্লেখ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]ৰ দেওবাৰে জয়পুৰৰ সবাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা মেচত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে আৰ চি বিৰ বিৰুদ্ধে খেলিব৷ আই পি এল-২০২৫ ৰ এয়া জয়পুৰত হ’বলগা প্ৰথমখন মেচ৷ হাইভল্টেজ এই মেচখন দিনৰ ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ জয়পুৰৰ উইকেট আৰু পৰিৱেশ আৰ আৰ দলৰ বাবে সুপৰিচিত হোৱাত ঘৰত দলে ইতিবাচক ফলাফল লাভ কৰিব বুলিও অধিনায়কজনে আজি সংবাদ মেলত আত্মবিশ্বাসৰে কয়৷
ইফালে, দলৰ প্ৰতিজন খেলুৱৈ সুস্থ থকা বুলি ব্যক্ত কৰি ছেমছনে মুল একাদশৰ বাচনিৰ বাবে সকলো বিকল্প মুকলি ৰখাৰ কথাও ব্যক্ত কৰে৷ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে এইদিশত অন্তিম সিদ্ধান্ত ল’ব বুলিও তেওঁ লগতে কয়৷ আনহাতে, দলৰ শ্ল’ অভাৰ ৰেটৰ সমস্যা সমাধানৰ দিশটোও বাকী থকা মেচ কেইখনত গুৰুত্ব সহকাৰে লোৱাৰ বিষয়ে উইকেটৰক্ষক বেটাৰগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে৷
ছিজনৰ প্ৰথম তিনিখন মেচত তেওঁৰ অনুপস্থিতিত ৰিয়ান পৰাগে দলক দক্ষতাৰে নেতৃত্ব দিয়াৰ কথাও সংবাদ মেলত প্ৰশ্নৰ উত্তৰ দি ছেমছনে কয়৷ ‘ৰিয়ান অধিনায়ক হিচাপে যোগ্য কাৰণে তেওঁক দায়িত্ব দিয়া হৈছিল৷ টীম মিটিঙত ৰিয়ানৰ পৰামৰ্শ সদায়ে গ্ৰহণ কৰা হৈছিল৷ এইবাৰ তেওঁ খেলপথাৰতো নেতৃত্ব দিয়াৰ পাৰদৰ্শিতা দেখুৱাইছে৷’ সঞ্জুই ব্যক্ত কৰে৷
আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ প্ৰথম দুখন মেচতে পৰাস্ত হৈ হতাশাৰে ছিজনৰ আৰম্ভনি কৰিছিল যদিও গুৱাহাটী আৰু চণ্ডিগড়ত ক্ৰমাগত দুখন মেচত জয়লাভ কৰি সফল প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু অন্তিম মেচত আহমেদাবাদত পুনৰ পৰাস্ত হৈ দলটো জয়পুৰলৈ আহিছে৷ এইবাৰ ৰয়েলছে জয়পুৰত পিংক প্ৰ’মিছ মেচসহ মুঠ পাঁচখন খেল খেলিব৷ ৰয়েলছে আৰ চি বিৰ লগতে জয়পুৰত লক্ষ্ণৌ, গুজৰাট, মুম্বাই আৰু পঞ্জাৱৰ বিৰুদ্ধে খেলিব৷ ৰয়েলছে পাঁচখন মেচৰ দুখনত জয়ী হৈ চাৰি পইণ্টৰে তালিকাৰ সপ্তম স্থানত আছে৷