ৰিয়ান পৰাগক অধিনায়কৰ দায়িত্ব ৰাজস্থান ৰয়েলছৰ

অসম আৰু অসমীয়াৰ বাবে ক্ৰীড়াক্ষেত্ৰৰ পৰা অহা আন এটা গৌৰৱময় খবৰ৷ আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ত ৰাজস্থান ৰয়েলছ দলক নেতৃত্ব দিব অসম সন্তান ৰিয়ান পৰাগে৷ আজি এই সন্দৰ্ভত ৰাজস্থান ৰয়েলছে আনুষ্ঠানিক ঘোষণা কৰি জনোৱা অনুসৰি আই পি এল-২০২৫ ৰ প্ৰথম তিনিখন মেচত দলটোৰ অধিনায়ক সঞ্জু ছেমছনৰ পৰিবৰ্তে আৰ আৰ দলৰ নেতৃত্বৰ দায়িত্ব ৰিয়ানৰ ওপৰত অৰ্পন কৰা হৈছে৷ উল্লেখ্য যে উইকেটৰক্ষক বেটাৰ সঞ্জু এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই৷ সেয়েহে ৰয়েলছ দলে ছিজনৰ প্ৰথম সপ্তাহটো সঞ্জুক নেতৃত্বৰ পৰা আঁতৰাই ৰাখি ভাৰতীয় ক্ৰিকেটৰ নৱতম চাঞ্চল্য অসম সন্তান ৰিয়ানৰ ওপৰত আস্থা ৰাখি অধিনায়কৰ সন্মানীয় লগতে গধুৰ দায়িত্ব অৰ্পন কৰিছে৷

সেই অনুসৰি নতুন অধিনায়ক ৰিয়ানৰ নেতৃত্বতে খেলি ৰাজস্থান ৰয়েলছ দেল এইবাৰ ছিজনত অভিযান আৰম্ভ কৰিব৷ আনহাতে, গুৱাহাটীত হ’বলগা দূয়োখন মেচতে ৰাজস্থান ৰয়েলছ দলে অসম জননীৰ গৌৰৱময় সন্তান ৰিয়ানৰ নেতৃত্বতে খেলাটোও নিশ্চিত হৈছে৷ স্বাভাৱিকতে এয়া অসম আৰু অসমীয়াৰ বাবে চিৰস্মৰণীয় গৌৰৱ লগতে সোণালী ইতিহাসৰ জাকতজিলিকা এক নতুন অধ্যায়৷ ৰিয়ানৰ ওপৰত ৰাজস্থান ৰয়েলছৰ আস্থা আৰু আশা যে উচ্ছ পৰ্যায়ৰ সেয়াও এই সিদ্ধান্তই প্ৰমান কৰিলে৷ আনহাতে, ৰিয়ানৰ প্ৰতিভাই ৰাজস্থান ৰয়েলছৰ দলীয় মেনেজমেণ্টক এই সিদ্ধান্ত ল’বলৈ সুযোগো দিছে৷ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, ক্ৰিকেট অধ্যক্ষ কুমাৰ ছাংগাকাৰা, বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰ, বলিং প্ৰশিক্ষক ছৈৰাজ বহুতুলেসহ জ্যেষ্ঠ ক্ৰিকেটাৰৰে গঠিত দলৰ মেনেজমেণ্টৰ বিকল্প অধিনায়ক হিচাপে প্ৰথম পচন্দ ৰিয়ান হোৱাটো স্বাভাৱিকতে যুৱ ক্ৰিকেটাৰগৰাকীৰ মাজত বিচাৰি পোৱা অনন্য প্ৰতিভা লগতে দৃঢ় মানসিকতাৰ প্ৰতিফলন হোৱাটোৱে স্বৰূপাৰ্থত প্ৰমান কৰে৷

উল্লেখ্য যে ‘এক দল, এক ভাষা৷ জন্ম ৰাজস্থানত, উদযাপন অসমত৷’ শ্ল’গানৰে আসন্ন আই পি এলৰ প্ৰথম দুখন ঘৰুৱা মেচে গুৱাহাটীত খেলিব ৰাজস্থান ৰয়েলছে৷ অসমক দ্বিতীয় ঘৰৰূপে লোৱা ৰয়েলছৰ এয়া এক আস্থা, মৰম আৰু শ্ৰদ্ধাৰ নিদৰ্শন অষ্টভূমিৰ অনুৰাগীৰ প্ৰতি৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এ চি এ ষ্টেডিয়ামত পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷

ইয়াৰপূৰ্বে ৰাজস্থান ৰয়েলছ দলে হায়দৰাবাদত পূৰ্ব চেম্পিয়ন তথা যোৱা ছিজনৰ ৰানাৰ্ছআপ ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনত অভিযান আৰম্ভ কৰিব৷ কে কে আৰ, চি এছ কে আৰু ছানৰাইজাৰ্ছে ইতিমধ্যে আই পি এলৰ চেম্পিয়ন ট্ৰফী দখল কৰিবলৈ সক্ষম হৈছে৷ সেই দৃষ্টিকোনেৰে ৰাজস্থান ৰয়েলছে দলৰ অধিনায়ক পদ ৰিয়ানক অৰ্পন কৰি যি সন্মান অসম জননীৰ সন্তানগৰাকীক দিছে সেয়া স্বাভাৱিকতে এক অবিশ্বাস্য তথা অভাৱনীয় ঘটনা৷ প্ৰথম অসমীয়া পুৰুষ ক্ৰিকেটাৰৰূপে টীম ইণ্ডিয়াত স্থান লাভ কৰা ৰিয়ানে ইয়াৰপূৰ্বে অসম দলক ৰাষ্ট্ৰীয় স্তৰত নেতৃত্ব দিছে৷ কিন্তু আই পি এলৰ দৰে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ পেছাদাৰী ক্ৰীড়া লীগৰ এটা দলক নেতৃত্ব দিয়াটো ৰিয়ানৰ কেৰিয়াৰৰ অন্যতম কৃৰ্তিস্তম্ভ হোৱাৰ লগতে অসমৰ সামগ্ৰিক গৌৰৱময় কাহিনীৰ অন্যতম চমকপ্ৰদ ঘটনা৷

Popular

More like this
Related

গুৱাহাটীত খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ আৰম্ভ

গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা...

৪৮৯ দিনৰ পিছত প্ৰথমটো আন্তৰ্জাতিক জয় ভাৰতৰ…

সুনীল ছেত্ৰীয়ে ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষক মানোলো মাৰ্কেজৰ অনুৰোধত...

মোৰ শত্ৰু বাঢ়িছে, মোক হত্যা কৰিব বিচৰা হৈছে : ইলন মাস্ক

ইলন মাস্কে ট্ৰাম্পৰ নতুন বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি পোৱাৰ...

শিৱসাগৰত ভয়ংকৰ ঘটনা

শিৱসাগৰত ভয়ংকৰ ঘটনা। দুগৰাকী মহিলাক চুৰিৰে আক্ৰমণ কৰিলে এজনে।...