প্ৰথিতযশা সাহিত্যিক ৰীতা চৌধুৰীলৈ ৰণাংগন বঁটা

সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথিতযশা সাহিত্যিক, নেচনেল বুক ট্ৰাষ্টৰ গুৰুদায়িত্ব বহন কৰা ৰীতা চৌধুৰীলৈ স্বীকৃতি। ২০২১ বৰ্ষৰ ৰণাংগন বঁটা আগবঢ়োৱা হৈছে ৰীতা চৌধুৰীলৈ। নগাঁৱৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী ৰণাংগনে অতিক্ৰম কৰিলে গৌৰৱোজ্জ্বল ১৩টা বৰ্ষ। ৰণাংগন কাকত আৰু আলোচনীৰ নামেৰেই বিগত বৰ্ষবোৰত সমাজৰ বিশিষ্ট ব্যক্তিক ৰণাংগন বঁটাৰে সন্মানিত কৰি আহিছে। পূৰ্বৰ দৰে এই বৰ্ষটো অসমৰ স্বনামধন‍্য সাহিত্যিক সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত ৰীতা চৌধুৰীক শুকুৰবাৰে ৰণাংগন বটাঁ প্ৰদান কৰা কৰে।

নগাঁৱৰ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পেক্ষাগৃহত এই সন্দৰ্ভত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। অনুষ্ঠানত নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি। ইয়াৰ লগতে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও প্ৰবক্তা আৰু বিশ্ববিদ‍্যালয়খনৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকে। সাহিত্যিকগৰাকীক এখন গামোচা, চেলেং, শৰাই, প্ৰশস্তিপত্ৰ আৰু ধনৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...