ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান। ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ৰ পৰিচালনাৰ বাবে ৰীমা দাসক প্ৰদান কৰা হৈছে New York Women in Film and Television Award in Direction (NYWIFT)। চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে চলিত বৰ্ষত এই স্বীকৃতি প্ৰদান কৰা ১১ গৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতাৰ ভিতৰত অন্যতম অসমৰ জীয়ৰী ৰীমা দাস।
এই সন্মান লাভ কৰি ৰীমা দাসে কয় যে, ‘‘ভিলেজ ৰকষ্টাৰ্ছ ২ৰ বাবে নিউয়ৰ্ক ৱ’মেন ইন ফিল্ম এণ্ড টেলিভিছনৰ পৰা এই সন্মান লাভ কৰাটো মোৰ বাবে গভীৰ অৰ্থৱহ। মোৰ বাবে এই সন্মান কেৱল ব্যক্তিগত নহয়, সততা আৰু জীৱন্ত অভিজ্ঞতাৰে কাহিনী ভৰা ভাৰতীয় চিনেমাই যে সীমা অতিক্ৰম কৰি যাত্ৰা কৰিব পাৰে, তাৰ আন এক নিশ্চিতি। মোৰ চিনেমাৰ যাত্ৰা আৰু আকাংক্ষা অতিশয় ব্যাপ্ত আৰু এই সন্মানে অধিক অন্তৰ্নিহিত ৰূপৰ চিনেমা গঢ়াৰ ক্ষেত্ৰত মোৰ বিশ্বাসক শক্তিশালী কৰিলে।’’
নিউয়ৰ্ক ৱ’মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড (NYWIFT) হৈছে আমেৰিকাৰ বিনোদন উদ্যোগৰ আটাইতকৈ সন্মানীয় অবাণিজ্যিক প্ৰতিষ্ঠানৰ অন্যতম, যিয়ে চিনেমা, টেলিভিছন আৰু ডিজিটেল মিডিয়াত কৰ্মৰত নাৰীসকলক সহায়, সমৰ্থন, উদগনি দিয়ে আৰু উদযাপন কৰে। NYWIFT ৰ মুখ্য কাৰ্যবাহী বিষয়া চিন্থীয়া লোপেজৰ ভাষাত এয়া হৈছে, ‘‘চিনেমা নিৰ্মাতাই চিনেমা নিৰ্মাতাক কৰা সমৰ্থন’ আৰু ইয়াৰ জৰিয়তে নাৰীৰ সৃষ্টিশীল কণ্ঠ আৰু কৰ্ম বৰ্তাই ৰখাৰ হকে এক বিশ্বব্যাপী পৰিস্থিতিতন্ত্ৰৰ প্ৰতিষ্ঠা কৰা।’’ এই সন্মান লাভৰ জৰিয়তে ৰীমা দাসে আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক এদল প্ৰসিদ্ধ লোকৰ সৈতে স্থান লাভ কৰিলে, তেওঁলোকৰ ভিতৰত আছে চুজানা হাৰ্বাৰ্ট (Natchez), চেৰিয়ান ডাভিচ (All That’s Left of You), সোণালী বসু (A fly on the wall), ৰাছেল ইমাৰাজ (An Unquiet Mind), এলেনা নিউমেন (Looking UP), কাৰ্ষ্টিন কাৰ্লহিউবাৰ (After All), লিজা কানিংহাম (Me Period) জেকী কুইননেজ (Miles Away) ছাৰা খাকী আৰু মহম্মদৰেজা এইনী (Cutting Through Rocks) আৰু ৰাছেল ইজৰাইল (The Floates)।
উল্লেখ্য যে ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ৰ বুছান ইণ্টাৰনেছনেল ফিল্ম ফেষ্টিভেলৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হৈছিল আৰু তাত সন্মানীয় Kim Jiseok বঁটা লাভ কৰিছিল আৰু এই চিনেমাখনৰ ইউৰোপীয় প্ৰিমিয়াৰ হৈছিল বাৰ্লিনেলত। এই চিনেমাখন ৰীমা দাসৰ বহু প্ৰশংসিত ভিলেজ ৰকষ্টাৰ্ছৰ ছিকুৱেল, যিখন চিনেমা আছিল ২০১৯ৰ একাডেমী এৱাৰ্ডছ (অস্কাৰছ)লৈ ভাৰতৰ অফিচিয়েল এণ্ট্ৰি। ভিলেজ ৰকষ্টাৰ্ছ ২ চিনেমাখন অচিৰেই ছবিঘৰত মুক্তি লাভ কৰিব।
