সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাত নতুন মোৰ…

গুৱাহাটী, ৮ জুন, NKTV: সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাই সম্পূৰ্ণ কৰিলে এটা বছৰ। এই ঘটনাক কেন্দ্ৰ কৰি সাঙুৰ খাই পৰিছিল বহুতো অভিনেতা-অভিনেত্ৰীৰ নাম। ইয়াৰ সমান্তৰালভাৱে সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীয়েও বিগত বৰ্ষত জেইলত কটাইছিল সম্পূৰ্ণ ২৮টাকৈ দিন। NCBয়ে সুশান্তৰ মৃত্যুৰ ৰহস্য ফাদিল কৰাৰ বাবে পুনৰ ৰিয়াৰ ওপৰত চলোৱা জেৰাত ৰিয়াই প্ৰকাশ কৰিছে আশ্বৰ্যজনক তথ্য। ৰিয়াই NCBক জনায় যে, ছেইফ আলী খান আৰু অমৃতা সিঙৰ কন্যা ছাৰা আলী খানে মাৰিজুৱানা বনাইছিল আৰু ছাৰাই হেনো ৰিয়ালৈ আগবঢ়াইছিল মাৰিজুৱানা আৰু ভোডকা।ইতিমধ্যে ৰিয়াই NCBৰ সম্মুখত প্ৰকাশ কৰা তথ্যৰ চাৰ্জ শ্বীটখন ZEE NEWSৰ হাতত আহি পৰা পিছতেই পোহৰলৈ আহিছে এই ঘটনা। সুশান্তৰ মৃত্যুৰ ঘটনাটোৰ লগত সংলগ্ন কৰি ইতিমধ্যে ৰিয়াই প্ৰকাশ কৰা এই স্বীকাৰোক্তিটো ৰেকৰ্ডো কৰা হৈছে। ছাৰা আৰু ৰিয়াৰ মাজত ২০১৭ বৰ্ষৰ ৪ জুন তাৰিখে হোৱা সকলোবোৰ CHAT ইতিমধ্যে ৰিয়াই NCBৰ সম্মুখত প্ৰকাশো কৰিছে। এতিয়া ৰিয়াই প্ৰকাশ কৰা এই স্বীকাৰোক্তিটোৰ পিছতেই সুশান্তৰ মৃত্যুৰ ৰহস্যই আকৌ ল’ব নেকি নতুন মোৰ? এই ঘটনা পোহৰলৈ অহাৰ পিছতেই সুশান্তৰ FAN তথা সচেতন মহলৰ মনত উদয় হৈছে বিভিন্ন প্ৰশ্ন। ছাৰাই বাৰু প্ৰকৃততে ৰিয়াক মাৰিজুৱানা আৰু ভোডকা আগবঢ়াইছিল নেকি?কেতিয়া ফাদিল হ’ব সুশান্তৰ মৃত্যুৰ আঁৰৰ ৰহস্য? কিয়নো সুশান্তৰ মৃত্যুৰ ঘটনাই এটা বছৰ সম্পূৰ্ণ কৰাৰ পিছতো এতিয়াও ৰহস্যৰ আঁৰত সুশান্তৰ মৃত্যুৰ লগত জৰিত প্ৰকৃত ঘটনাটো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...