এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত দেখা নাযাব নেকি অসমৰ প্ৰতীকপট?

গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে অসমৰ প্ৰতীকপট প্ৰেৰণ কৰিবলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে পত্ৰ। ‘আজাদী কা অমৃত মহোৎসৱ’ক লৈ সাজু হ’বলৈ নিৰ্দেশ দিছে অসম চৰকাৰক। এই সন্দৰ্ভত ৫ নৱেম্বৰত দিল্লীত অনুষ্ঠিত হোৱা বৈঠকত অসমৰ প্ৰতীকপট সম্বন্ধে লোৱা সিদ্ধান্তৰ কিছু সালসলনি কৰিবলৈ উপদেশ দিছে কেন্দ্ৰীয় চৰকাৰে। ৪২ৰ গণ আন্দোলনৰ সময়ত গহপুৰ থানাত কেনেদৰে কনকলতাই ত্ৰিৰংগা পতাকা উত্তোলন কৰিছিল, এই বিষয়ক লৈ এইবাৰৰ প্ৰতীকপট সাজু কৰিছে ৰাজ্য চৰকাৰে। অৱশ্যে থিম মডেল চিলেকচন অনুসৰি অসম চৰকাৰলৈ এতিয়ালৈকে অহা নাই নিমন্ত্ৰণ। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ নিৰ্বাচনৰ বাবে এতিয়া অপেক্ষা কৰিছে ৰাজ্য চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...