পাকিস্তানৰ হেকাৰৰ কবলত গুৱাহাটী বিশ্ববিদ্যালয় গ্ৰন্থাগাৰৰ REMOTE LOGIN

এইবাৰ দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানত শেনচকু পাকিস্তানী হেকাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি বহুকেইখন শিক্ষানুষ্ঠানৰ গ্ৰন্থাগাৰৰ REMOTE LOGIN ছিষ্টেম হেক পাকিস্তানৰ হেকাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ Remote login ছিষ্টেমৰ ৱেবছাইটত পাকিস্তান জিন্দাবাদ আৰু স্বাধীন কাশ্মীৰৰ সমৰ্থনত বিভিন্ন পোষ্ট হেকাৰৰ

ইয়াৰোপৰি “দুধ মাংগ’গে তৌ খিৰ দেংগে, কাশ্মীৰ মাংগ’গে তৌ ছিৰ দেংগে” বুলিও লিখিলে হেকাৰে

উল্লেখ্য যে, কালি নিশাৰে পৰা হেকাৰৰ কবলত আছিল Remote Login ছিষ্টেমৰ ৱেবছাইট

ফলত গ্ৰন্থাগাৰৰ ই-সমলসমূহ চোৱাত বাৰুকৈয়ে অসুবিধাত পৰিছিল ছাত্ৰ-ছাত্ৰীসকল

এই সন্দৰ্ভত আজি পুৱা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আহমেদাবাদস্থিত Indian Access Management Federationৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰে

পৰৱৰ্তী সময়ত হেকাৰৰ কবলৰ পৰা উদ্ধাৰ কৰা হয় REMOTE LOGINৰ ৱেবছাইট

এই কথা সংবাদ মাধ্যমক জনালে কৃষ্ণকান্ত সন্দিকৈৰ গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিক ড৹ প্ৰশান্ত কুমাৰ ডেকাই

শিক্ষাৰ্থীসকলক চিন্তিত নহ’বলৈ আহ্বান গ্ৰন্থাগাৰিকজনৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...