‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ কাৰ্যকলাপৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ইউক্ৰেইনৰ বিৰুদ্ধে পুটিনে যুদ্ধ চলাই যোৱাৰ ধৰণ আৰু শান্তি আলোচনাৰ প্ৰচেষ্টাক ব্যৰ্থ কৰাৰ বাবে ট্ৰাম্পে ইতিমধ্যে ক্ষোভ প্ৰকাশ কৰিছিল। এইবাৰ তেওঁ ইউক্ৰেইনক ‘আত্মৰক্ষাৰ’ বাবে আমেৰিকাৰ অত্যাধুনিক ‘পেট্ৰিয়ট’ ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী ব্যৱস্থা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। এই সামৰিক সহায়ৰ বিনিময়ত সম্পূৰ্ণ মূল্য পৰিশোধ কৰিব লাগিব বুলি ট্ৰাম্পে ৰবিবাৰে স্পষ্ট কৰি দিছে।

ৰবিবাৰে সংবাদমাধ্যমৰ সৈতে কথা পাতি ট্ৰাম্পে কয়, “আমি ইউক্ৰেইনক পেট্ৰিয়ট ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী ব্যৱস্থা প্ৰদান কৰিম। তেওঁলোকে এইটো অত্যন্ত প্ৰয়োজনীয় বুলি বিচাৰিছে।” কিন্তু ঠিক কিমান পেট্ৰিয়ট ব্যৱস্থা প্ৰদান কৰা হ’ব, সেয়া ট্ৰাম্পে বা পেন্টাগনে স্পষ্ট কৰা নাই। তেওঁ কয়, “সংখ্যাৰ বিষয়ে মই এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই। কিন্তু তেওঁলোকে (ইউক্ৰেইন) কিছুমান অস্ত্ৰ-শস্ত্ৰ লাভ কৰিব। কাৰণ তেওঁলোকক নিৰাপত্তাৰ প্ৰয়োজন।” ট্ৰাম্পে জানিবলৈ দিয়ে যে, বহুতো আধুনিক সমৰাস্ত্ৰ ইউক্ৰেইনক প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে। তথাপি, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ বাবে কোনো ধৰণৰ মূল্যৰ ৰেহাই দিয়াৰ পক্ষপাতী নহয় ট্ৰাম্প। তেওঁৰ মতে, “শতকৰা শতভাগ মূল্য পৰিশোধ কৰিব লাগিব। এয়া আমাৰ বাবে এটা ব্যৱসায়িক লেনদেন হ’ব।” চলিত সপ্তাহৰ আৰম্ভণিতে জেলেনস্কিয়ে জনাইছিল যে, পেট্ৰিয়ট ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী ব্যৱস্থা লাভৰ বিষয়ে আমেৰিকাৰ সৈতে আলোচনা চূড়ান্ত পৰ্যায়ত আছে।

দ্বিতীয়বাৰৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি হোৱাৰ পিছত ট্ৰাম্পৰ সৈতে পুটিনৰ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত এতিয়ালৈকে ছয়বাৰ প্ৰত্যক্ষ কথা-বতৰা হৈছে। তাৰ ভিতৰত চাৰিবাৰ কথা-বতৰা হৈছে বিগত ছয় সপ্তাহৰ ভিতৰত। তথাপি, কোনো সমাধানসূত্ৰ ওলোৱা নাই। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা চলি থকা এই যুদ্ধৰ কোনো সমাধান নহ’ল। সেই কাৰণে ট্ৰাম্পে একাধিকবাৰ পুটিনৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে। ৰবিবাৰেও পুটিনৰ বিৰুদ্ধে ক্ষোভ উজাৰি ট্ৰাম্পে কয়, “তেওঁ (পুটিনে) বহু মানুহক আচৰিত কৰি তুলিছে। পুটিনে মধুৰ কথা কয়, কিন্তু সন্ধিয়া হ’লে সকলোৰে ওপৰত বোমাবৰ্ষণ কৰে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰযুক্তিয়ে আগজাননী দিব পাৰেনে প্ৰাকৃতিক দুৰ্যোগৰ? AI, উপগ্ৰহ আৰু স্মাৰ্টফোনে কেনেদৰে কৰিব পাৰে সতৰ্ক?

নেপাল-তিব্বতৰ শেহতীয়া হিমবাহ গলন আৰু আকস্মিক দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত প্ৰাকৃতিক...

ফেচবুক-ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীক লক্ষ্য কৰি ভুৱা পৰ্ণ এপৰ জাল: ফোন হাইজেক কৰি ধন লুণ্ঠন কৰিব পাৰে বিপজ্জনক মেলৱেৰে

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক আৰু ইনষ্টাগ্ৰামত প্ৰচাৰিত ভুৱা পৰ্ণ...

নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০০ পাৰ, নতুন সতৰ্কবাৰ্তা জাৰি; ‘অকল্পনীয় দুৰ্যোগ’ : প্ৰধানমন্ত্ৰী বলেন শ্বাহ

নেপালত হোৱা প্ৰলয়ংকৰী আকস্মিক বানপানীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি...