৩ লাখ বিনামূলীয়া ক’ভিড ভেকছিন যোগান ধৰিব ৰিলায়েন্স ফাউণ্ডেচন, MMCয়ে

ৰিলায়েন্স ফাউণ্ডেচনে ইয়াৰ অন্তৰ্গত ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হস্পিটেলৰ জৰিয়তে মুম্বাইৰ ৫০টা স্থানত প্ৰায় তিনি লাখ ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ বৃহত্তৰ মুম্বাই পৌৰ নিগমৰ (এমচিজিএম) সৈতে চুক্তিবদ্ধ হৈছে। সোমবাৰে ৰিলায়েন্স ফাউণ্ডেচনৰ এগৰাকীয়ে বিষয়াই জনোৱা অনুসৰি, ধাৰাৱী, ৱৰ্লি, কোলাবা, ৱাডালা, প্ৰতীক্ষানগৰ, কামাথিপুৰা, মনখুৰ্দ, চেম্বুৰ, গোৱন্দি আৰু ভাণ্ডুপৰ দৰে পিছপৰা অঞ্চলত ছাৰ এইচ এন ৰিলায়েঞ্চ ফাউণ্ডেচন হাস্পতালৰ (HNRFH) জৰিয়তে ৩ মাহজোৰা এটা অভিযান আৰম্ভ কৰা হ’ব।

এইচ এন আৰ এফ এইচে (Sir H.N. Reliance Foundation Hospital) এই অঞ্চলবোৰত টিকাকৰণৰ বাবে এখন অত্যাধুনিক বাহন মোতায়েন কৰিছে আৰু বি এম চিৰ সৈতে টিকাকৰণৰ বাবে সাজু হৈছে। ভ্ৰাম্যমাণ মেডিকেল ভান আৰু চিকিৎসা গোটৰ জৰিয়তে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকৰ প্ৰাথমিক আৰু প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে এয়া HNRFHৰ নিয়মীয়া স্বাস্থ্য প্ৰসাৰৰ পদক্ষেপৰ পৰিপূৰক হ’ব বুলি প্ৰকাশ কৰা হৈছে।

“মানুহক ভাইৰাছৰ পৰা সুৰক্ষিত কৰাৰ বাবে গণ টিকাকৰণ এতিয়া একমাত্ৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। প্ৰতিজন ভাৰতীয়ই যিমান সম্ভৱ সোনকালে টিকাকৰণৰ সুবিধা পোৱাটো নিশ্চিত কৰিবলৈ আমি যিমান পাৰি সকলো কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ,” ৰিলায়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষা নীতা এম আম্বানীয়ে এক বিবৃতিত এইদৰে কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...