ডাউদ ইব্ৰাহিমৰ পৰা ভাবুকি পাইছিল ৰাজু শ্ৰীবাস্তৱে

শ্ৰেষ্ঠ কমেডীৰে সদায় মানুহৰ মুখত হাঁহি কঢ়িয়াই অনা কমেডিয়ান ৰাজু শ্ৰীবাস্তৱে এই পৃথিৱীৰ পৰা ইতিমধ্যে বিদায় লৈছে। বুধবাৰে পুৱা প্ৰায় ১০.২০ বজাত ৰাজুৰ মৃত্যু হয়। ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুৰ পাছৰে পৰা অনুৰাগীসকলে তেওঁৰ বিষয়ে অধিক জানিব বিচাৰিছে। এই প্ৰতিবেদনত আমি ক’ব বিচাৰিছো আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমৰ পৰা ৰাজু শ্ৰীবাস্তৱে পোৱা ভাবুকিৰ কথা।

ৰাজু শ্ৰীবাস্তৱে এবাৰ ডাউদ ইব্ৰাহিমৰ ওপৰত কৌতুক কোৱাৰ বাবে ভাবুকি লাভ কৰিছিল। ২০১০ চনত ৰাজুৱে ডাউদৰ ওপৰত কৌতুক কৰিছিল যিবোৰ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছিল, এনে পৰিস্থিতিত যেতিয়া তেওঁৰ ক্লিপবোৰ ভাইৰেল হৈছিল, তেতিয়া তেওঁক পাকিস্তানৰ পৰা মৃত্যুৰ ভাবুকি দিয়া হৈছিল। কেৱল ৰাজুয়ে নহয়, তেওঁৰ পৰিয়ালো ভাবুকিৰ সন্মুখীন হৈছিল। যদিও এই কথাত ৰাজুয়ে ভয় কৰা নাছিল, কিন্তু যেতিয়া তেওঁৰ ছেক্ৰেটেৰী ৰাজেশ শৰ্মাইও ভাবুকি লাভ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁ আৰক্ষীৰ নিৰাপত্তা ল’ব লগাত পৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...