বলিঙৰ বাবে সম্পূৰ্ণ সাজু ৰিয়ান, আজি GTৰ মুখামুখি হ’ব RR

চলিত আই পি এলত অপৰাজেয় যাত্ৰা অব্যাহত ৰখা ৰাজস্থান ৰয়েলছে কাইলৈ পঞ্চমখন মেচত অংশ ল’ব৷ জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত হ’বলগা মেচত ৰয়েলছে গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব৷ সংগঠিত ফৰ্মত থকা ৰাজস্থান ৰয়েলছৰ বাবে এইসময়ত এটা ইতিবাচক দিশ হ’ল দলৰ হৈ বলিং কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে তাৰকা অলৰাউণ্ডাৰ অসম সন্তান ৰিয়ান পৰাগ৷ আজি এই বিষয়ে সংবাদমেলত অৱগত কৰিছে দলটোৰ সহকাৰী প্ৰশিক্ষক ট্ৰেভৰ পেনীয়ে৷

উল্লেখ্য যে বিস্ময়কৰ বেটিঙৰে ছিজনৰ আৰম্ভনি কৰা ৰিয়ানে ইতিমধ্যে ৰয়েলছৰ প্ৰথম তিনিখন মেচৰ বিজয়ত অনবদ্য ভূমিকা পালন কৰিছে৷ বেটিং চমক দিয়া ৰিয়ানে এইবাৰ বলিং চমক দিবলৈও সাজু হৈছে৷ স্বাভাৱিকতে ৰয়েলছৰ বাবে এয়া হ’ব অতিৰিক্ত শক্তি৷ স্মৰ্তব্য যে যোৱা মেচত ৰিয়ানে আৰ চি বিৰ বিৰুদ্ধে এক অভাৰ বলিং কৰিছিল৷ সেই মেচৰ পাছতে ৰয়েলছৰ বলিং প্ৰশিক্ষক শ্বেন বণ্ডৰ নিৰিক্ষণত নিয়মিতভাবে বলিং অনুশীলন কৰিছে ৰিয়ানে৷

‘ছিজন আৰম্ভ হোৱাৰ পূৰ্বে ৰিয়ানৰ কান্ধত আঘাতৰ সমস্যা আছিল৷ ঘৰুৱা ক্ৰিকেট খেলাৰ সময়তে তেওঁ আঘাত পাইছিল৷ কিন্তু এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ৷ ইতিমধ্যে নেটত বলিং কৰা আৰম্ভ কৰিছে৷ যোৱা মেচত এক অভাৰ বল দিছিল৷ তেওঁ মুল একাদশত অলৰাউণ্ডাৰ হিচাপে খেলিছে যেতিয়া পৰৱৰ্তী মেচত প্ৰয়োজনত বলিং কৰিবলৈ সাজু থাকিব৷’ ট্ৰেভৰ পেনীয়ে ব্যক্ত কৰে৷

উল্লেখ্য যে এতিয়ালৈকে ৰাজস্থান ৰয়েলছে জয়পুৰত খেলা তিনিখন মেচৰ লগতে মুঠ চাৰিওখন খেলত জয়ী হৈ পইণ্ট তালিকাৰ শীৰ্ষত আছে৷ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে দলে যিদৰে প্ৰস্তুতি শিবিৰত অনুশীলন কৰিছিল তাৰেই ইতিবাচক ফল প্ৰথম চাৰিখন মেচত জয়লাভৰ সফলতা বুলিও পেনীয়ে লগতে উল্লেখ কৰে৷ স্মৰ্তব্য যে ছিজনৰ পূৰ্বে নাগপুৰ আৰু জয়পুৰত ৰয়েলছৰ দীঘলীয়া শিবিৰ আছিল আৰু পেনীৰ মতে সেইটোৱে দলটোক সহায় কৰিছে৷

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...