বলিঙৰ বাবে সম্পূৰ্ণ সাজু ৰিয়ান, আজি GTৰ মুখামুখি হ’ব RR

চলিত আই পি এলত অপৰাজেয় যাত্ৰা অব্যাহত ৰখা ৰাজস্থান ৰয়েলছে কাইলৈ পঞ্চমখন মেচত অংশ ল’ব৷ জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত হ’বলগা মেচত ৰয়েলছে গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব৷ সংগঠিত ফৰ্মত থকা ৰাজস্থান ৰয়েলছৰ বাবে এইসময়ত এটা ইতিবাচক দিশ হ’ল দলৰ হৈ বলিং কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে তাৰকা অলৰাউণ্ডাৰ অসম সন্তান ৰিয়ান পৰাগ৷ আজি এই বিষয়ে সংবাদমেলত অৱগত কৰিছে দলটোৰ সহকাৰী প্ৰশিক্ষক ট্ৰেভৰ পেনীয়ে৷

উল্লেখ্য যে বিস্ময়কৰ বেটিঙৰে ছিজনৰ আৰম্ভনি কৰা ৰিয়ানে ইতিমধ্যে ৰয়েলছৰ প্ৰথম তিনিখন মেচৰ বিজয়ত অনবদ্য ভূমিকা পালন কৰিছে৷ বেটিং চমক দিয়া ৰিয়ানে এইবাৰ বলিং চমক দিবলৈও সাজু হৈছে৷ স্বাভাৱিকতে ৰয়েলছৰ বাবে এয়া হ’ব অতিৰিক্ত শক্তি৷ স্মৰ্তব্য যে যোৱা মেচত ৰিয়ানে আৰ চি বিৰ বিৰুদ্ধে এক অভাৰ বলিং কৰিছিল৷ সেই মেচৰ পাছতে ৰয়েলছৰ বলিং প্ৰশিক্ষক শ্বেন বণ্ডৰ নিৰিক্ষণত নিয়মিতভাবে বলিং অনুশীলন কৰিছে ৰিয়ানে৷

‘ছিজন আৰম্ভ হোৱাৰ পূৰ্বে ৰিয়ানৰ কান্ধত আঘাতৰ সমস্যা আছিল৷ ঘৰুৱা ক্ৰিকেট খেলাৰ সময়তে তেওঁ আঘাত পাইছিল৷ কিন্তু এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ৷ ইতিমধ্যে নেটত বলিং কৰা আৰম্ভ কৰিছে৷ যোৱা মেচত এক অভাৰ বল দিছিল৷ তেওঁ মুল একাদশত অলৰাউণ্ডাৰ হিচাপে খেলিছে যেতিয়া পৰৱৰ্তী মেচত প্ৰয়োজনত বলিং কৰিবলৈ সাজু থাকিব৷’ ট্ৰেভৰ পেনীয়ে ব্যক্ত কৰে৷

উল্লেখ্য যে এতিয়ালৈকে ৰাজস্থান ৰয়েলছে জয়পুৰত খেলা তিনিখন মেচৰ লগতে মুঠ চাৰিওখন খেলত জয়ী হৈ পইণ্ট তালিকাৰ শীৰ্ষত আছে৷ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে দলে যিদৰে প্ৰস্তুতি শিবিৰত অনুশীলন কৰিছিল তাৰেই ইতিবাচক ফল প্ৰথম চাৰিখন মেচত জয়লাভৰ সফলতা বুলিও পেনীয়ে লগতে উল্লেখ কৰে৷ স্মৰ্তব্য যে ছিজনৰ পূৰ্বে নাগপুৰ আৰু জয়পুৰত ৰয়েলছৰ দীঘলীয়া শিবিৰ আছিল আৰু পেনীৰ মতে সেইটোৱে দলটোক সহায় কৰিছে৷

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...