গুৱাহাটীক পিংক চিটীৰ ৰূপ দিলে ৰাজস্থান ৰয়েলছৰ সমৰ্থকে

নিজৰ প্ৰিয় ক্ৰিকেট দল তথা খেলুৱৈৰ প্ৰতি অনুৰাগীৰ মৰম কেনেকুৱা হয় সেয়া শুকুৰবাৰে গুৱাহাটীৰ দুটা স্থানত দেখা গ’ল৷ প্ৰথমটো মহানগৰীৰ চিটী চেণ্টাৰ মল আৰু দ্বিতীয়টো স্থান হ’ল গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ক্ৰিকেট ষ্টেডিয়াম৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]ৰ দল ৰাজস্থান ৰয়েলছৰ আবেগিক অনুৰাগীৰ উৎসাহে উভয় স্থানতে ক্ষন্তেকৰ বাবে পিংক চিটীৰ ৰূপ-ৰঙক সজীৱ কৰি তুলিলে৷

ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভ কৰা উত্তৰ পূৱৰ প্ৰথমজন পুৰুষ ক্ৰিকেটাৰ তথা আই পি এল দল ৰাজস্থান ৰয়েলছৰ তাৰকা অলৰাউণ্ডাৰ অসম সন্তান ৰিয়ান পৰাগ আজি আবেলি নিজৰ অনুৰাগীৰ লগত কিছু সময় অতিবাহিত কৰিবলৈ মহানগৰীৰ চিটী চেণ্টাৰ মললৈ আহিছিল৷ ৰিয়ানক আদৰণি জনাই প্ৰায় দুই হেজাৰ আৰ আৰৰ অনুৰাগীয়ে৷ হাতত ৰাজস্থান ৰয়েলছৰ গোলাপী ফ্লেগ লৈ প্ৰিয় তাৰকাগৰাকীক সম্ভাষণ জনাই গুৱাহাটীৰ আবেগিক সমৰ্থকসকলে৷ অনুৰাগীৰ মৰমত আনন্দত বিলিন হৈ যোৱা ৰিয়ানে ছেলফি উঠা, প্ৰশ্নৰ উত্তৰ দিয়া আদি স্বাভাৱিক বিষয়বোৰত নিজকে মুক্তভাবে সমৰ্থকৰ লগত ভাৱবিনিময় কৰি সুন্দৰ আবেলি এটা উদযাপন কৰে৷

ইফালে, ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ক্ৰিকেট ষ্টেডিয়ামত আজি নিশা কৰা অন্তিম অনুশীলনলৈ ক্ৰিকেটপ্ৰেমীকো আমন্ত্ৰণ কৰিছিল৷ সন্ধিয়া ছয় বজাৰ পৰাই সমৰ্থক আহি ভৰি পৰে ষ্টেডিয়াম৷ দৰ্শকৰ বাবে দুটা ষ্টেণ্ড মুকলি কৰা হৈছিল আৰু ৰাজস্থান ৰয়েলছৰ ফালৰ পৰা সমৰ্থকক পিংক ৰঙৰ ফ্লেগো দিয়া হয়৷ দলীয় অনুশীলনক সমৰ্থকৰ উৎসাহে এ চি এ ষ্টেডিয়ামৰ পৰিৱেশে সলনি কৰি দিয়ে৷

ৰাজস্থান ৰয়েলছে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ ঘৰুৱা মেচৰ আৰম্ভনি গুৱাহাটীৰ পৰাই কৰিব৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ অৱশ্যে আৰ আৰ দলে ইয়াৰপূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনত অভিযান আৰম্ভ কৰিব৷ দলটোৰ খেলুৱৈসকল কাইলৈ পুৱা গুৱাহাটীৰ পৰা জয়পুৰলৈ ৰাওনা হ’ব৷

ইফালে, অহা ২৬ মাৰ্চত গুৱাহাটীত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ আই পি এল মেচখনৰ টিকট ইতিমধ্যে বুক মাই শ্ব’ত মুকলি কৰা হৈছে৷ আনহাতে, অহা ৩০ মাৰ্চত গুৱাহাটীত হ’বলগা চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ দ্বিতীয়খন আই পি এল মেচৰ টিকট চলিত মাহৰ শেষৰ ফালে মুকলি কৰা হ’ব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...